লকডাউন: গুৱাহাটীত অনুমতি পত্ৰ থকা বাহনৰ চলাচল সীমিত কৰাৰ পদক্ষেপ

COVID-19 positive cases reach 196 in Assam Police

প্ৰতিনিধিত্বমূলক চিত্ৰ

লকডাউনৰ মাজত গুৱাহাটীত অত্যাৱশ্যকীয় সেৱাৰ অনুমতি পত্ৰ থকা যান-বাহনৰ চলাচলো সীমিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অৱশ্যে এই আদেশৰ পৰা এম্বুলেন্স, চিকিৎসক, স্বাস্থ্যকৰ্মী, সংবাদ মাধ্যম, কৰ্তব্যৰত চৰকাৰী বিষয়া-কৰ্মচাৰী, পানী কঢ়িওৱা বাহন আৰু ফুল বডিৰ মালবাহী ট্ৰাকসমূহক ৰেহাই দিয়া হৈছে।

আদেশমতে বিভাগীয় অনুমতি পত্ৰ থাকিলেও যিবিলাক বাহনৰ পঞ্জীয়ন নম্বৰৰ শেষ সংখ্যাটো যুগ্ম সেই বাহনসমূহহে শুকুৰবাৰে চলিব পাৰিব।

সেইদৰে শনিবাৰে অযুগ্ম আৰু দেওবাৰে পুনৰ যুগ্ম সংখ্যাৰ পঞ্জীয়ন নম্বৰৰ গাড়ীসমূহ চলিব পাৰিব।