NORTHEAST NOW (Assamese)

১২ মে’ৰ পৰা পৰ্য্যায়ক্ৰমে মুকলি হ’ব যাত্ৰীবাহী ৰেলসেৱা

May 10, 2020 9:34 pm · এন ই নাও নিউজ

ভাৰতীয় ৰেলৱেই লকডাউনৰ মাজতে ১২ মে’ৰ পৰা পৰ্য্যায়ক্ৰমে যাত্ৰীবাহী ৰেলসেৱা মুকলিৰ পৰিকল্পনা কৰিছে।

প্ৰাৰম্ভিক পৰ্য্যায়ত ১৫যোৰ (=৩০খন) ৰেলেৰে এই সেৱা মুকলি কৰা হ’ব।

এই বিশেষ ৰেলসমূহ নতুন দিল্লী ষ্টেচনৰ পৰা ডিব্ৰুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঁচী, ভুৱনেশ্বৰ, ছেকান্দ্ৰাবাদ, বেংগালুৰু, চেন্নাই, তিৰুৱনন্তপুৰম, মাদগাওঁ, মুম্বাই চেণ্ট্ৰেল, আহমেদাবাদ আৰু জম্মু তাৱিৰ মাজত চলাচল কৰিব।

১১ মে’ৰ বিয়লি ৪ বজাৰ পৰা আই আৰ চি টি চিৰ ৱেবছাইটত এই ৰেলকেইখনৰ টিকেট বুক কৰিব পৰা যাব।

ৰেল ষ্টেচনৰ টিকেট কাউণ্টাৰ বন্ধ থাকিব আৰু প্লেটফৰ্ম টিকেটকে ধৰি কোনো কাউণ্টাৰ টিকেট প্ৰদান কৰা নহ’ব।

কনফাৰ্মড টিকেট থকা যাত্ৰীসকলকহে ষ্টেচনত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।

তাৰোপৰি যাত্ৰীসকলৰ বাবে মাস্ক পৰিধান বাধ্যতামূলক।

যাত্ৰাৰ পূৰ্বে যাত্ৰীসকলৰ ক’ভিড-১৯ৰ স্ক্ৰীনিং কৰোৱা হ’ব আৰু কেৱল লক্ষণহীন যাত্ৰীকহে যাত্ৰাৰ অনুমতি দিয়া হ’ব।

এইকেইখন বিশেষ ৰেলৰ চলাচলৰ পিছতে বাকী উপলব্ধ ৰেলৰ ভিত্তিত নতুন পথত ৰেলৱেই অধিক বিশেষ ৰেলৰ চলাচল আৰম্ভ কৰিব।

ৰেলৱেই লকডাউনত আবদ্ধ লোকসকলক কঢ়িওৱাৰ বাবে প্ৰতিদিনে ৩০০খন পৰ্য্যন্ত “শ্ৰমিক স্পেচিয়েল” চলাব পৰাকৈ সাজু ৰাখিছে।

তাৰোপৰি, ক’ভিড-১৯ কেয়াৰ চেণ্টাৰৰ বাবে ৰেলৱেই ২০হাজাৰ ডবা সাজু কৰি ৰাখিছে।

Related News