লকডাউন: ASTC বাছত বিনামূলীয়া ওভটনি যাত্ৰা, সবিশেষ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Lockdown: More than 40k requests received for intra-state travel by ASTC bus in Assam

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

কাইলৈৰ পৰা তিনিদিনৰ বাবে অৰ্থাৎ ২৫,২৬ আৰু ২৭ এপ্ৰিলত অসম পৰিবহন নিগমৰ বাছেৰে ৰাজ্যৰ ভিতৰতে আবদ্ধ হৈ থকা লোকসকলে বিনামূলীয়াকৈ ঘৰ বা কৰ্মস্থলী অভিমুখে একমুখী যাত্ৰা কৰিব পাৰিব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই বিষয়ে শুকুৰবাৰে সবিশেষ তথ্য ৰাজহুৱা কৰে।

তেওঁ কয় যে কালি নিশা ১২ বজালৈকে মুঠ ৪১,৬৯১ গৰাকী লোকে ১০৪ত ফোন কৰি আবেদন কৰিছে।

এএছটিছিৰ বাছৰ সংখ্যা সীমিত বাবে একেলগে গোটেইখিনিকে পঠিওৱা সুবিধা নহ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “সেয়েহে এই তিনিদিনত মিলাই লোৱা হ’ব। সকলোৰে মোবাইল নম্বৰত একোখনকৈ টিকট যাব। য’ত উল্লেখ থাকিব কি স্থানত বাছৰ বাবে তেওঁলোক ৰৈ থাকিব। হয়তো সীমিত সময়ৰ বাবে ওলা আৰু উবেৰৰো ব্যৱস্থা কৰা হ’ব যাতে যাত্ৰীসকল বাছ ৰখা স্থানলৈকে আহিব পাৰে। ওলা-উবেৰৰ লগতে ৩০খন স্থানীয় চিটীবাছ চলিব।”

“কিন্তু ৪১ হাজাৰ লোকক ঘৰলৈ পঠিয়াব পাৰো নে নোৱাৰো সেয়া সম্পূৰ্ণ অসম পৰিবহণ নিগমৰ বাছৰ ওপৰত নিৰ্ভৰ কৰিব। গোটেই যাত্ৰা বিনামূলীয়া কৰা হ’ব। স্বাস্থ্য বিভাগে অসম পৰিবহণ নিগমক ধনৰ যোগান ধৰিব,” মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইয়াৰোপৰি, কালি নিশা ১২ বজাৰ পিছৰ পৰা নতুনকৈ ফোন লোৱা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় লকডাউন বৃদ্ধি হ’লে ভৱিষ্যতে দুদিন বা তিনিদিন পুনৰ খুলি দিয়া হ’ব।

“এই ৪১ হাজাৰ লোকক নিয়াৰ ক্ষেত্ৰত যদি ৪-৫ দিনৰো প্ৰয়োজন হয় তেন্তে এই ব্যৱস্থাটো চলি থাকিবলৈ দিয়া হ’ব। কোনো লোক চিন্তিত হ’ব নালাগে। টিকট দিয়াৰ দিনা বিভাগৰ ফালৰ পৰা ফোন যাব,” তেওঁ কয়।

আনহাতে, নিজৰ ব্যক্তিগত বাহনৰে বাসগৃহলৈ যাত্ৰা কৰাসকলৰ পৰা ৰাজ্যৰ জিলা উপায়ুক্তসকলে ৫১,৪০২ টা অনুৰোধ লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

“কাইলৈ দিনটোৰ কাৰণে ১২,২০৬ খন পাছ ইছু কৰা হৈছে। পিছৰ দুদিনৰ বাবে ১৯ হাজাৰ পাছ জিলা উপায়ুক্তসকলে দিব। ১৯,৭৪৫ টা অনুৰোধ ৰিজেক্ট কৰা হৈছে। ১২ হাজাৰ ৰিকুৱেষ্ট গ্ৰহণ কৰা হৈছে। ১৯ হাজাৰ অনুৰোধৰ কাম বৰ্তমানো চলি আছে,” তেওঁ জনায়।

আনহাতে, “আছাম কেয়াৰ”ৰ অধীনত অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকসকলক সহায় কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ জনায় যে আন্তৰ্জাতিক পৰ্য্যায়ত আবদ্ধ হৈ থকা অসমীয়া লোকৰ সংখ্যা ৪৯লৈ বৃদ্ধি পাইছে। “৩৭,১৭৬৯০ টকা ইতিমধ্যে তেওঁলোকৰ একাউন্টত দিয়া হৈছে,” মন্ত্ৰী শৰ্মাই কয়।

অসমৰ বাহিৰত চিকিৎসাধীন হৈ থকা লিভাৰ, কেন্সাৰ বা কিডনী ৰোগত আক্ৰান্ত থকা ৰোগী ৮২৯ গৰাকীলৈ বৃদ্ধি পাইছে। “তেওঁলোকলৈ ২ কোটি ৭ লাখ ২৫ হাজাৰ টকা ইতিমধ্যে প্ৰদান কৰা হৈছে,” শৰ্মাই কয়।

ইয়াৰোপৰি অসমৰ বাহিৰত বহিৰাজ্যত আবদ্ধ হৈ থকা লোকৰ ৫ লাখ ৭০হাজাৰ মিছড কল লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, “লিংক পঠিওৱাৰ পাছত আমাক ৩ লাখ ১হাজাৰৰ পৰা সহাঁৰি পোৱা হৈছে। ২ লাখ ৭৮ হাজাৰ ফৰ্ম জিলা উপায়ুক্তসমূহলৈ পৰীক্ষণৰ বাবে পঠিওৱা হৈছে। তাৰে ১ লাখ ৯১ হাজাৰ ফৰ্ম গৃহীত হৈছে। ১১ হাজাৰ ৭৯১ খন ফৰ্ম ৰিজেক্ট হৈছে। ৭৭ হাজাৰ ফৰ্ম এতিয়াও জিলা উপায়ুক্তই পৰীক্ষা কৰি আছে। ডেৰ লাখ লোকৰ একাউন্টত এতিয়ালৈকে ২০০০ টকাকৈ জমা হৈছে। চৰকাৰে ৩০ কোটি টকা এই আঁচনিৰ বাবদ ব্যয় কৰিছে।”