লকডাউন: মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশত দিল্লীত উদ্ধাৰ, আশ্ৰয় অসমৰ দুই যুৱকক

Assam CM Sonowal

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত লকডাউনৰ ফলত দিল্লীত আবদ্ধ হৈ পৰা ৰাজ্যৰ দুজন যুৱকক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰা হৈছে।

দিল্লীৰ অসম ভৱনত আশ্ৰয় প্ৰদান কৰা যুৱক দুজন হৈছে লখিমপুৰ জিলাৰ সন্তোষ বৰা আৰু ৰাজা দলে।

অসম ভৱনৰ আৱাসিক আয়ুক্তই নতুন দিল্লীৰ ৰেল ষ্টেচনৰ সমীপত যুৱক দুজনক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰে।

দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত যুৱক দুজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু পৰীক্ষাৰ প্ৰতিবেদন নোপোৱা পৰ্য্যন্ত তেওঁলোকক অসম ভৱনতে ৰখা হ’ব।

স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী পৰ্য্যায়ত তেওঁলোকক অসমলৈ ঘূৰাই পঠোৱাৰ দৰে পদক্ষেপ লোৱা হ’ব।

লকডাউনৰ মাজত অৰ্থনৈতিক সংকটত পৰা বাবে যুৱক দুজন অসমলৈ ঘূৰি আহিব পৰা নাছিল।

মুখ্য মন্ত্ৰীৰ বিবৃতি মতে লখিমপুৰ পহুমৰাৰ সন্তোষ বৰা নামৰ যুৱকজন অমৃতসৰত কৃষি খণ্ডত নিয়োজিত হৈ আছিল।

লকডাউনৰ ফলত কাম-কাজ বন্ধ হৈ পৰাত তেওঁ দিল্লীলৈ পদব্ৰজে যাত্ৰা কৰিছিল।

আনহাতে ৰাজা দলে নামৰ আনজন যুৱকে দিল্লীতে দিন মজুৰি কৰিছিল।

যুৱক দুজনৰ বাতৰি লাভ কৰি মুখ্য মন্ত্ৰীয়ে অসম ভৱনৰ আয়ুক্তক তেওঁলোকক উদ্ধাৰ কৰি প্ৰয়োজনইিয় সা-সুবিধা প্ৰদানৰ নিৰ্দেশ দিছিল।