NORTHEAST NOW (Assamese)

ডা০ দেবেন দত্ত হত্যাকাণ্ডৰ পাছত বৃহস্পতিবাৰৰ পৰা পুনৰ মুকলি হ’ব টীয়ক চাহ বাগিছা

September 11, 2019 10:08 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বৃহস্পতিবাৰৰ পৰা পুনৰ টীয়ক চাহ বাগিছা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টীয়ম চাহ বাগিছা কৰ্তৃপক্ষয়।

৩১ আগষ্ট আবেলি টীয়ক চাহ বাগিছাত কৰ্মৰত কিছুসংখ্যক উন্মত্ত চাহ শ্ৰমিকৰ আক্ৰমণত বাগিছাখনত কৰ্তব্যৰত চিকিৎসক ড০ দেবেন দত্তৰ মৃত্যু হোৱাৰ পাছৰে পৰা চাহ বাগিছাখন বন্ধ কৰি ৰখা হৈছিল।

বৃহস্পতিবাৰে যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্নি এ কোৰাতিয়ে সভাপতিত্ব কৰা এখন বৈঠকৰ অন্তত টীয়ক চাহ বাগিছা পুনৰ খোলাৰ কথা ঘোষণা কৰা হয়।

উপায়ুক্তৰ সৈতে হোৱা বৈঠকত চাহ বাগিছাখনৰ শ্ৰমিক, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু শ্ৰমিক য়ুনিয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

চাহ বাগিছা কৰ্তৃপক্ষই বাগিচাখনৰ দুটা অংশ ক্ৰমে খনিকৰ আৰু ডালিমিৰ পৰা তলা বন্ধ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে।

আনহাতে, ১৩ আৰু ১৪ ছেপ্টেম্বৰত পৰ্যায়ক্ৰমে চাহ বাগিছাখনৰ আন আন অংশসমূহো মুকলি কৰা হ’ব বুলি বৈঠকৰ অন্তত জনোৱা হয়।

চাহ বাগিছা কৰ্তৃপক্ষ, চাহ শ্ৰমিকৰ সৈতে অনুষ্ঠিত হোৱা কেইবালানি বৈঠকৰ অন্ততহে বাগিছাখন পুনৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জনায় উপায়ুক্ত কোৰাতিয়ে।

Related News