NORTHEAST NOW (Assamese)

সমাপ্ত হ’ল লোক সভাৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ : ইভিএমত বন্দী হ’ল লাখ লাখ জনতাৰ আশা-ভৰসা

May 20, 2024 11:24 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি বিভিন্ন বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰায় শান্তিপূৰ্ণভাবে সম্পন্ন হৈ গ’ল দেশৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ।

পঞ্চম পৰ্যায়ত ছয়খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৯টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈ গ’ল।

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা প্ৰাৰম্ভিক আৰু আনুমানিক তথ্য অনুসৰি পঞ্চম পৰ্যায়ত প্ৰায় ৫৭.৫৭ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোটাৰ টাৰ্ণআউট এপে নিশা ৮ বজাত আপডেট কৰা মতে পশ্চিম বংগৰ ভোটদানৰ হাৰ হৈছে ৭৩ শতাংশ।

আনহাতে বিহাৰত ভোটদানৰ হাৰ হৈছে ৫২.৮২ শতাংশ, ঝাৰখণ্ডত ৬৩ শতাংশ, লাডাখত ৬৭.১৫ শতাংশ, মহাৰাষ্ট্ৰত ৪৯.১৫ শতাংশ, ওড়িশাত ৬০.৮৭ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৭৯ শতাংশ।

আজি ৪৯খন আসনত ভোটদান অনুষ্ঠিত হোৱাৰ লগে লগে লোকসভাৰ ৫৪৩খন আসনৰ তিনি চতুৰ্থাংশতকৈ অধিক আসনৰ নিৰ্বাচন শেষ। বাকী দুটা পৰ্যায় ২৫ মে’ আৰু ১ জুনত অনুষ্ঠিত হ’ব। লোকসভা নিৰ্বাচনৰ সাতটা পৰ্যায়ৰ ভোট গণনা ৪ জুনত হ’ব।

Related News