অথলে গ’ল অসমীয়াৰ আন্দোলন : নাগৰিকত্ব বিধেয়ক লোকসভাত পাছ; নৰজিল বিৰোধীৰ প্ৰবল আপত্তি

ৰাজ্যসভাৰ অধিৱেশন এদিন বৃদ্ধি; কাইলৈ অন্তিম দিনা বিজেপিয়ে ৰাজ্যসভাতো পাছ কৰাৰ চেষ্টা কৰিব বিধেয়কখন

Home-Minister-750x375

গৃহ মন্ত্ৰী ৰাজনাথ সিং। ফাইল ফটো।

অসমীয়া মানুহৰ শংকা, প্ৰতিবাদ, আন্দোলন এক প্ৰকাৰৰ অসাৰ হোৱাৰ পথত। আজি বিৰোধীৰ প্ৰবল বিৰোধিতা সত্ত্বেও আৰু কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ সদন ত্যাগ সত্ত্বেও অসমীয়াৰ ডাঙৰ শংকাৰ কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ লোকসভাত গৃহীত হয়।

ইয়াৰ পূৰ্বে বিধেয়কখনৰ প্ৰতিটো দফা আলোচনা কৰা হয় লোকসভাত। কিন্তু বিধেয়কখনৰ আলোচনা কালত কেইবজনো সাংসদে সবল যুক্তিৰে ইয়াক প্ৰত্যাহাৰ কৰাৰ দাবী জনায় যদিও শাসক দলে সেয়া নামানিলে। লোকসভাত শাসক দলৰ সংখ্যাগৰিষ্ঠতা থকা বাবে ইয়াক সহজেই পাছ কৰে।

উল্লেখযোগ্য যে আজি বিধেয়কখনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ‘বাংলাদেশত চৰকাৰে সংখ্যালঘুসকলক সুৰক্ষা দিবলৈ চেষ্টা যৎপৰোনাস্তি চেষ্টা কৰিছে যদিও কিছুমান কাৰকে সেইটো সম্ভৱ কৰি তোলা নাই’ বুলি কয়। তেওঁ অসমৰ জনগণৰ সৈতে আছে বুলিও কয়। “আমি অসমৰ জনগণৰ সৈতে থাকিম আৰু তেওঁলোকক যি সহায় লাগে আগ বঢ়াম” (We will stand with the people of Assam, and will help the state in whatever way they need)। ৰাজনাথ সিঙে সংসদৰ মজিয়াত কয়।

ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হোৱা উচিত নাছিল বুলিও মন্তব্য কৰে গৃহ মন্ত্ৰীজনে। “অখণ্ড ভাৰত অধিক সুবিধাজনক হ’ল হেঁতেন” ৰাজনাথ সিঙে কয়।

আনপিনে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বিজু জনতা দল, চি পি আই (এম)কে ধৰি প্ৰায়বোৰ বিৰোধী দলৰ সাংসদেই বিধেয়কখনৰ বিৰোধিতা কৰে। কংগ্ৰেছ আৰু তৃণমূলৰ সাংসদসকলে প্ৰতিবাদত সদন ত্যাগ কৰে। আনহাতে চি পি আই (এম)ৰ সাংসদ মহম্মদ ছেলিমে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ তীব্ৰ বিৰোধিতা কৰে। শিৱসেনাৰ সাংসদ অৰবিন্দ গণপত স্বৱান্তেও বিধেয়কখনৰ বিৰোধিতা কৰে। বিজু জনতা দলৰ সাংসদ বি মেহতাবে বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিবলৈ আহ্বান জনায়।

এই সকলোবোৰ পৰামৰ্শ, বিৰোধিতা নেওচি শাসক দলৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত বিধেয়কখন পাছ কৰা হয়।

আনপিনে ৰাজ্যসভাত আজি বিধেয়কখন পাছ কৰা সম্ভৱ নহ’ল। আজি লোকসভা, ৰাজ্যসভা উভয় সদনৰে অধিৱেশনৰ অন্ত পৰাৰ কথা আছিল যদিও কাইলৈ দিনটোৰ বাবে ৰাজ্যসভাৰ অধিৱেশন বঢ়াই দিয়া হৈছে। ফলত কাইলৈ বিধেয়কখন ৰাজ্যসভাত পাছ কৰাৰ চেষ্টা কৰিব শাসক বিজেপিয়ে।