NORTHEAST NOW (Assamese)

১৬ এপ্ৰিলতে হ’ব নেকি লোকসভা নিৰ্বাচন! কি ক’লে নিৰ্বাচন আয়োগে

January 24, 2024 7:04 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 24, 2024 12:11 am

আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত আছে জল্পনা-কল্পনা। তাৰ মাজতে মঙলবাৰে দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰাৰ পিছতে নিৰ্বাচনকেন্দ্ৰিক চৰ্চা অধিক বৃদ্ধি পায়।

এই বিবৃতিত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে লোকসভা নিৰ্বাচনৰ বাবে এক আনুমানিক তাৰিখ উল্লেখ কৰিছে। এই বিবৃতিটোত অহা ১৬ এপ্ৰিলক নিৰ্বাচনৰ আনুমানিক দিন হিচাপে উল্লেখ কৰা হৈছে।

বিবৃতিটোত লগতে উক্ত তাৰিখটোক কেৱল নিৰ্বাচন পৰিকল্পনাত সহায়ক হোৱাকৈ এক আনুমানিক তাৰিখ হিচাপে উল্লেখ কৰে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে।

এই বিবৃতিত কেন্দ্ৰ কৰি ১৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি চৰ্চা আৰম্ভ হোৱাৰ পিছতে উক্ত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এক টুইট যোগে প্ৰকাশ কৰে স্পষ্টীকৰণ।

কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে যে উল্লেখিত তাৰিখটো সম্পূৰ্ণৰূপে আনুমানিক আৰু বিষয়াসকলে কাৰ্যকলাপৰ পৰিকল্পনা কৰাৰ উদ্দেশ্যেহে উক্ত তাৰিখটো উল্লেখ কৰা হৈছে।

বিজ্ঞপ্তিত নিৰ্ধাৰিত অস্থায়ী নিৰ্বাচনৰ তাৰিখৰ লগত প্ৰকৃত নিৰ্বাচনৰ সময়সূচীৰ কোনো নিশ্চয়তা নাই বুলিও স্পষ্ট কৰি দিয়া হৈছে। আনুষ্ঠানিক নিৰ্বাচনৰ সময়সূচী নিৰ্বাচন আয়োগে উপযুক্ত সময়ত ঘোষণা কৰিব।

Related News