বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বঁটা প্ৰদান

Loknath Goswami

ফটো উৎস : ফেচবুক

অসমৰ লোক সংস্কৃতিৰ সাধক তথা বিশিষ্ট কণ্ঠশিল্পী লোকনাথ গোস্বামীক ১৪ ছেপ্তেম্বৰ অৰ্থাৎ শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মঘাই ওজা বঁটা প্ৰদান কৰে।

যোৰহাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনু্ষ্ঠানত গোস্বামীক বঁটাটো প্ৰদান কৰা হয়। বঁটাটি প্ৰদান কৰে সংগঠনটোৰ ৰাজ্যিক সভাপতি ৰাণা প্ৰতাপ বৰুৱাই।

২০১১ চনৰ পৰা সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে প্ৰদান কৰি অহা এই বঁটাটিৰ সৈতে আছে চেলেং চাদৰ, গামোচা, প্ৰশংসাপত্ৰ আৰু নগদ ২১ হাজাৰ টকা।

বঁটা গ্ৰহণ কৰি লোকনাথ গোস্বামীয়ে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে মঘাই ওজাক উজ্জীৱিত কৰিবলৈ পৰিষদে যি চেষ্টা কৰিছে তাত অংশীদাৰ হ’বলৈ পাই নিজকে ধন্য মানিছো বুলিও কয়।

জে বি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বলীন হাজৰিকা আৰু জিলাৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়াই যুটীয়াভাৱে সঞ্চালনা কৰা বঁটা বিতৰণী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী।

ভাষণ প্ৰসংগত অধ্যক্ষ গৰাকীয়ে কয় যে অসম চৰকাৰে ওজাৰ নামত দুটামান বছৰ বঁটা দিছিল আৰু যোৱা ১০ বছৰে বন্ধ হৈ আছে। এই বঁটাটি পুনৰ আৰম্ভ কৰিবলৈ অধ্যক্ষ গৰাকীয়ে ৰাজ্য চৰকাৰক অনুৰোধ জনাব বুলিও উল্লেখ কৰে।

আনহাতে অনুষ্ঠানৰ আন এগৰাকী মুখ্য অতিথি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে অসম চৰকাৰে মঘাই ওজাৰ শিল্পীসত্তাক জীয়াই ৰাখিবলৈ কোনো ধৰণৰ ব্যস্থাই গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে।

শনিবাৰে অনুষ্ঠিত হৈ যোৱা এই অনুষ্ঠানত মঘাই ওজাৰ পুত্ৰ নৰেন বৰুৱা, লোকনাথ গোস্বামীৰ পত্নী কুন্তলা গোস্বামী, সদৌ অসম ঢুলীয়া শিল্পী সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক দেৱেন চৰণ বৰবৰাৰ উপৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।