• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গে’ম অৱ থ্ৰ’নচ! বিজেপিৰ সমীক্ষাত নিশ্চিহ্ন অগপ-বিপিএফ

গেৰুৱা দলৰ মেগা মাইক্ৰ’ এগজিত প’ল, অসমত প্ৰতিদ্বন্দ্বিতা কৰা সকলো আসন জিকিব বিজেপিয়ে।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2019 6:28 pm
narendra modi Union Cabinet approves 5 pc hike in DA for central govt employees
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মিত্ৰজোঁট (অগপ-বিপিএফ)ৰ চাৰিখন আসনৰ এখনো লাভ কৰাৰ সম্ভাৱনা নাই।” দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফললৈ তিনিদিন থকা অৱস্থাত দেওবাৰে সংবাদমেলযোগে এই মন্তব্য ৰঞ্জিত দাসৰ।

বিপৰীতে, প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ দহোখন আসনেই লাভ কৰিব বিজেপিয়ে, দলীয় এগ্জিত প’লৰ “ভিত্তিত” সভাপতি দাসৰ মত।

চাওক বিজেপিৰ সমীক্ষা (ঊৰ্ধ্বকমাৰ ভিতৰত দাসৰ মত)।

 

“০” কিয় মিত্ৰ অগপ?

ধুবুৰী|| অৱস্থা নাই

“ধুবুৰী সমষ্টিত ভোট প’লিং হৈছিল ১৬,৮২,৭১১টা। তাৰে, অগপৰ প্ৰাৰ্থীজনে, লাভ কৰিব ৪,৭৫,০০০টা ভোট। গতিকে এই সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী জিকিব পৰা অৱস্থাত একেবাৰে নাই।”

 

বৰপেটা|| ভৰসা এ আই ইউ দি এফ

“বৰপেটা লোকসভা সমষ্টিত ভোট প’লিং হৈছে ১৪,৫২,২১৩টা। তাৰে অগপ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব ৫,৪৫,০০০টা ভোট। এ আই ইউ ডি এফ দলে যদি আঢ়ৈ লাখৰ তলত ভোট পাই, তেন্তে জিকাৰ সম্ভাৱনা নাই।”

 

কলিয়াবৰ|| এ আই ইউ দি এফ নাই, গতিকে বিজয়?

“কলিয়াবৰ লোকসভা সমষ্টিৰ মুঠ প’লিং ভোট ১৪,২১,৫০০টাৰ অগপ-বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব ৬,৬০,০০০টা ভোট। এ আই ইউ ডি এফ নাই, গতিকে স্বাভাৱিকতে এ আই ইউ ডি এফৰ অধিকাংশ ভোট কংগ্ৰেছে লাভ কৰিছে। মিত্ৰজোঁট জয়ী হোৱাটো খুবেই ক্ষীণ।”

 

বি পি এফ?

কোকৰাঝাৰ|| একেবাৰে সুযোগ নাই

“কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ভোট প’লিং হৈছে ১৪,৬৮,১১২টা। তাৰে বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব ৪,৭০,০০০টা ভোট। গতিকে এই সমষ্টিত জিকাৰ একেবাৰে সুযোগ নাই বুলিয়েই ধৰি লৈছো।”

 

১০০% সফলতা পাব বিজেপিয়ে!

 

কৰিমগঞ্জ|| এ আই ইউ দি এফ আছে!

“কৰিমগঞ্জত সৰ্বমুঠ ভোট গ্ৰহণ হৈছে ১০,৫৮,০৮৮টা। তাৰে বিজেপিয়ে লাভ কৰিব ৪,৯৫,০০০টা। এই সমষ্টিটোত প্ৰায় ৫০ হাজাৰ ভোটত জয়ী হোৱাৰ সম্ভাৱনা আছে বিজেপিৰ।”

 

শিলচৰ|| মিঠা নহ’ব মুখ সুস্মিতাৰ?

“শিলচৰ সমষ্টিত মুঠ ভোটগ্ৰহণ হৈছে ৯,৪৫,৮৩৪টা। তাৰে বিজেপিয়ে লাভ কৰিব ৪,৬৫,০০০টা। প্ৰায় ৩৮ৰ পৰা ৬০ হাজাৰ ভোটত জয়ী হোৱাৰ সম্ভাৱনা আছে উক্ত সমষ্টিত।”

 

স্বায়ত্তশাসিত জিলা সমষ্টি|| পাহাৰৰ পদুম

“ডিফু সমষ্টিত ৬,১৫,৯৪৪টা ভোট প’লিং হৈছিল, তাৰে বিজেপিয়ে লাভ কৰিব ৪ লাখতকৈ অধিক ভোট। গতিকে বিজেপি জয়ী হোৱাৰ অধিক সম্ভাৱনা আছে।”

 

গুৱাহাটী|| ৰাণী– কুইন

“গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৭৬০৫১১টা ভোট প’লিং হৈছে। তাৰে বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই লাভ কৰিব ১০১৫০০০টা ভোট লাভ কৰিব, অৰ্থাৎ নিশ্চিত জয় হ’ব ওজাৰ।”

 

মঙলদৈ|| আনে জিকাব বিজেপিক

“মঙ্গলদৈ লোকসভা সমষ্টিত ভোট প’লিং হৈছে ১৫,০০,৯০৮ টা। তাৰে বিজেপিয়ে লাভ কৰিব ৭,৬৫,০০০টা। কংগ্ৰেছৰ উপৰিও অন্য দলৰ প্ৰাৰ্থী থকা হেতুকে এই সমষ্টিত বিজেপি জয়ী হোৱাটো নিশ্চিত। বিজেপিয়ে যিহেতু ৫০ শতাংশৰ ওপৰত ভোট লাভ কৰিব, সেয়েহে ৫০ৰ পৰা ১ লাখ ভোটত জয়ী হোৱাটো নিশ্চিত।”

 

তেজপুৰ|| ভানুৰ ভাল নহ’ব

“তেজপুৰ লোকসভা সমষ্টিত মুঠ ১১,৮৩,০৩৩টা ভোট প’লিং হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে লাভ কৰিব ৬৭০০০০টা ভোট। গতিকে ইয়াতো বিজেপি জয়ী হোৱাটো নিশ্চিত।”

 

নগাওঁ||  গোহাঁই নাথাকিলেও থাকিব বিজেপি

“নগাওঁ লোকসভা সমষ্টিত মুঠ প’লিং ভোটৰ সংখ্যা ১৪,৮৯,৫৪৩টা। ইয়াৰে বিজেপিয়ে লাভ কৰিব ৭,৭০,০০০টা। বিজেপি প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত।”

 

যোৰহাট|| জোৰহীন হাত?

“প’লিং হৈছিল ১০,৫৪,১২৫টা। ইয়াৰে বিজেপিয়ে লাভ কৰিব ৫,৮৫,০০০টা। অনায়াসে জয়লাভ কৰিম।”

 

ডিব্ৰুগড়|| ঘাটিত ঘাটোৱাৰ?

“ডিব্ৰুগড় লোকসভা সমষ্টিত ১০,১৩,৮২১টা ভোট প’লিং হৈছিল আৰু ইয়াৰে আমি ৬,৩০,৫০০টা ভোট লাভ কৰিম। নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে ইয়াত জয়লাভ কৰিব।”

 

লখিমপুৰ|| প্ৰদান পুনৰাগমন!

“লখিমপুৰ লোকসভা সমষ্টিত ১২,৭৯,১১৯টা ভোট প’লিং হৈছিল আৰু ইয়াৰে ৭,৬০,০০০টা ভোট লাভ কৰিব বিজেপিয়ে। নিশ্চিত ৰূপত আমি তাত জয়লাভ কৰিম।”

 

দাসৰ মতে সমগ্ৰ অসমৰ বুথ পৰ্য্যায়ৰ বিজেপি কাৰ্য্যকৰ্তাই পঠিওৱা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে এই এগ্জিত প’ল।

গেৰুৱা দলৰ এই মেগা মাইক্ৰ’ এগজিত প’ল ফলিয়াবনে?

২৩ মে’লৈ অপেক্ষাৰ বিনে গতি নাই আৰ।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd