সমাধিত অসমৰ কাগজকল, মৃত ৫১, আত্মহত্যা দুজনৰ; বিজেপি বৰ্জনৰ আহ্বান কৰ্মচাৰীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

‘মে’ইক ইন ইণ্ডিয়া’ আৰু ‘এক্ট ইষ্ট পলিচি’ৰ কথা কৈ উত্তৰ-পূবত বিকাশৰ আশ্বাস দিয়া বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল অসমৰ ৰাজহুৱা খণ্ডৰ দুই কাগজ কল।

দেশৰ দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দিনতেই দুবছৰে দৰমহা বঞ্চিত হৈ আছে কাগজ কল দুটাৰ কেইবাশ কৰ্মচাৰী।

উৎপাদন বন্ধ হৈ থকা জাগীৰোডৰ নগাওঁ কাগজ কল আৰু পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলৰ প্ৰতি চৰকাৰৰ অমনোযোগিতাত এতিয়া কৰ্মচাৰীৰ হাহাকাৰ অৱস্থা।

কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ দুখ-দুৰ্দশাৰ মাজতেই আহিছে ’১৯ৰ লোকসভা নিৰ্বাচন। কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পাঁচ বছৰ আৰু ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া কাৰ্য্যকালত ৰাজ্যৰ এই গুৰুত্বপূৰ্ণ উদ্যোগ দুটাৰ পুনৰুদ্ধাৰ হ’ব বোলা কথাষাৰ কাৰ্য্যতঃ অসাৰ প্ৰতিপন্ন হ’ল।

গতিকে কাগজ কল দুটাৰ প্ৰতি কৰা বঞ্চনাৰ অভিযোগত বিজেপিক উচিত প্ৰত্যুত্তৰ দিবলৈ মধ্য অসম আৰু বৰাক উপত্যকাৰ ৰাইজক আহ্বান জনাইছে এইচ পি চি পে’ইপাৰ মিল ৰিভাইভেল একচন কমিতিয়ে। বুধবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কমিতিখনে এই আহ্বান জনাইছে।

“নগাওঁ আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু জাতীয় সম্পদ দুটা ৰক্ষণাৱেক্ষণৰ বাবে অসমৰ জনসাধাৰণে গণতান্ত্ৰিক আন্দোলন চলাই আহিছে। কিন্তু চৰকাৰখনে এই আন্দোলনক উপেক্ষা কৰি আহিছে। গতিকে মধ্য অসম আৰু বৰাক উপত্যকাৰ জনগণে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বাসঘাতকতাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ এয়াই উপযুক্ত সময়,” এইচ পি চি পে’ইপাৰ মিল ৰিভাইভেল একচন কমিতিৰ মুখ্য আহ্বায়ক মানবেন্দ্ৰ চক্ৰবৰ্ত্তীয়ে কয়।

উল্লেখ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাছাৰ জিলাৰ পাঁচগ্ৰামৰ কালীনগৰত অনুষ্ঠিত এক জনসভাত কাগজ কল দুটা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতি দিছিল। কমিতিখনে এই কথা মনত পেলাই দিয়াৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ‘নমামি বৰাক’ অনুষ্ঠানত ছমাহৰ ভিতৰত কাগজ কলৰ উৎপাদন পুনৰ আৰম্ভ হ’ব বুলি দিয়া আশ্বাসৰ কথা দোহাৰে।

কিন্তু বিজেপিৰ এই আশ্বাস কেৱল ভাষণতেই সীমাবদ্ধ থাকিল। ইয়াৰ বিপৰীতে পানীত হাঁহ নচৰা অৱস্থা দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ। পৰিয়াল চলোৱা, ল’ৰা-ছোৱালীক পঢ়ুওৱা, বেমাৰ-আজাৰৰ চিকিৎসা আদিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বিগত ২৭মাহে দৰমহা নোপোৱা কৰ্মচাৰীসকলে। “নিবনুৱাক চাকৰি দিয়া”ৰ আশ্বাস দিয়া বিজেপি চৰকাৰৰ দিনতেই এতিয়া নিবনুৱা হৈছে কল দুটাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত অসংখ্যজন।

“প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত দুয়োটা কাগজ কলৰ ৫১জন কৰ্মচাৰীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আৰ্থিক দুৰাৱস্থাত ভাৰাক্ৰান্ত হৈ আত্মহত্যাৰ পথ লৈছে দুজনে,” কমিতিখনে সংবাদমেলত প্ৰকাশ কৰে।

তাৎপৰ্য্যপূৰ্ণ যে এইবাৰৰ নিৰ্বাচনত কাগজ কল দুটাৰ পুনৰুদ্ধাৰক লৈ কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি নাই শাসকীয় বিজেপিৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপৰিও অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহু ৰথী-মহাৰথীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও ক’তো এতিয়ালৈ কাগজ কলৰ নাম লোৱা নাই।