লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : কলিয়াবৰ লোকসভা সমষ্টি

Loksabha election: Constituency profile of Assam's Kaliabor

গোলাঘাট জিলাৰ সম্পূৰ্ণ অংশ আৰু নগাওঁ জিলাৰ একাংশ সামৰি গঠন হৈছে ১১ নম্বৰ কলিয়াবৰ লোকসভা সমষ্টি। এই সমষ্টিটো অসংৰক্ষিত।

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ-

মুঠ ভোটকেন্দ্ৰ আছে ২১৭৪ টা।

১৯৬৭ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেদব্ৰত বৰুৱা সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

বৰ্তমানো কংগ্ৰেছৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ। সাংসদ গৌৰৱ গগৈকেই এইবাৰ ২০১৯চনৰ নিৰ্বাচনতো কংগ্ৰছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

লোকসভা সমষ্টিটোত ১০টা বিধান সভা সমষ্টি অন্তৰ্ভুক্ত আছে। ইয়াৰ এটা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। সমষ্টি কেইটা-

১। ৮৩ ধিং (এ আই ইউ ডি এফৰ দখলত, বিধায়ক আমিনুল ইছলাম)

২। ৮৪ বটদ্ৰৱা (বিজেপিৰ দখলত, বিধায়ক আঙুৰলতা ডেকা)

৩। ৮৫ ৰূপহীহাট (কংগ্ৰেছৰ দখলত, বিধায়ক নুৰুল হুদা)

৪। ৮৮ চামগুৰি (কংগ্ৰেছৰ দখলত, বিধায়ক ৰকিবুল হুছেইন)

৫। ৮৯ কলিয়াবৰ (অগপৰ দখলত, বিধায়ক কেশৱ মহন্ত)

৬। ৯৩ বোকাখাত (অগপৰ দখলত, বিধায়ক অতুল বৰা)

৭। ৯৪ সৰুপথাৰ (কংগ্ৰেছৰ দখলত, বিধায়ক ৰ’জলিনা তিৰ্কী)

৮। ৯৫ গোলাঘাট (কংগ্ৰেছৰ দখলত, বিধায়ক অজন্তা নেওগ)

৯। ৯৬ খুমটাই (বিজেপিৰ দখলত, বিধায়ক মৃণাল শইকীয়া)

১০। ৯৭ দেৰগাওঁ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) (অগপৰ দখলত, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী)

উল্লেখযোগ্য যে বিগত নিৰ্বাচনসমূহৰ বেছিভাগতেই কংগ্ৰেছ জয়ী হোৱা সমষ্টিটোত ১৯৮৫ চনত অগপৰ ভদ্ৰেশ্বৰ তাঁতি, ১৯৯৬ চনত অগপৰেই কেশৱ মহন্ত জয়ী হৈছিল। ১৯৯৮ চনৰ পৰা একেৰাহে সমষ্টিটোৰ পৰা তৰুণ গগৈ, তেওঁৰ ভাতৃ দীপ গগৈ আৰু পৰৱৰ্তী সময়ত ২০১৪ চনত গৌৰৱ গগৈ সাংসদ নিৰ্বাচিত হয়।

২০১৪ চনৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে ৪,৪৩,৩১৫টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা বিজেপিৰ মৃণাল শইকীয়াই পায় ৩,৪৯,৪৪১ টা ভোট। তদুপৰি এ আই ইউ ডি এফৰ বিজয় কুমাৰ তিৰুৱে লাভ কৰে ২,৩১,২৯৫ টা ভোট। ১২,৪০৩ গৰাকী ভোটাৰে ন’টা ভোট দিছিল।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।

নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ ৭জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। তেওঁলোক হ’ল ক্ৰমে– কংগ্ৰেছৰ গৌৰৱ গগৈ, অগপৰ মণি মাধৱ মহন্ত, এন পি পিৰ আব্দুল আজিজ, হিন্দুস্তান নিৰ্মাণ দলৰ দিগন্ত কুমাৰ শইকীয়া, অসম জন মৰ্চাৰ মঃ হাৰিকুল ইছলাম বৰভূঞা, নিৰ্দলীয় জিতেন গগৈ আৰু ভাস্কৰ শৰ্মা।