বিপদত বৰপেটাৰ অগপ প্ৰাৰ্থী; অব্যাহতি অসম আন্দোলন সংগ্ৰামী মঞ্চৰ, নকৰে সমৰ্থন

Loksabha election: Kumar Deepak Das, BJP supported AGP candidate for Assam's Barpeta, faces tough time

কুমাৰ দীপক দাস। ছবি সৌজন্য- ফে’চবুক।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি মিত্ৰজোঁট সমৰ্থিত বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসক অব্যাহতি দিছে অসম আন্দোলন সংগ্ৰামী মঞ্চই।

প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অসম চুক্তিৰ স্বাক্ষৰকাৰী প্ৰফুল্ল কুমাৰ মহন্ত মুখ্য উপদেষ্টাৰূপে থকা মঞ্চটোৱে বৃহস্পতিবাৰে কাৰ্য্যনিৰ্বাহক বৈঠকত গ্ৰহণ কৰিছে এই কঠোৰ সিদ্ধান্ত।

অসম চুক্তি উলংঘা কৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব লৈ মূৰকত বিজেপিৰ সমৰ্থনত সমষ্টিটোৰ প্ৰাৰ্থীৰূপে থিয় দিয়া বাবে মঞ্চটোৰ মুখ্য আহ্বায়ক পদৰ পৰা তাৎক্ষণিকভাৱে দাসক অব্যাহতি দিয়া হৈছে।

“নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে পূৰ্বে দীঘলীয়া সময় ৰাজপথত আন্দোলনৰ নেতৃত্ব দিয়া কুমাৰ দীপক দাসে প্ৰাৰ্থী হৈ কেৱল মঞ্চকে নহয়, সমগ্ৰ অসমীয়া জাতিকে প্ৰতাৰণা কৰিলে। ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেয়ে তেওঁক তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হৈছে,” জনায় মঞ্চৰ আহ্বায়ক প্ৰণৱ গোস্বামীয়ে।

দাসৰ প্ৰতি কোনো ধৰণৰ সমৰ্থন আৰু সহযোগিতা নকৰাৰ কথাও ঘোষণা কৰিছে মঞ্চই।

“যিহেতু আমি বিধেয়কবিৰোধী স্থিতিত অটল, গতিকে তেওঁৰ প্রতি আমাৰ কোনো সমৰ্থন নাই আৰু নিৰ্বাচনত কোনোধৰণৰ সহায় সহযোগিতা আগ নবঢ়াও,” স্পষ্ট ঘোষণা মঞ্চটোৰ অন্য এগৰাকী মুখ্য আহ্বায়ক ৰূপম কাকতীৰ।

ইফালে দীপক দাসৰ ঘনিষ্ঠৰূপে পৰিচিত অগপৰ প্ৰতিষ্ঠাপক প্ৰফুল্ল কুমাৰ মহন্তও আসন্ন নিৰ্বাচনত দলৰ হৈ প্ৰচাৰ নচলোৱাৰ সিদ্ধান্তত অটল আছে। ফলত তেৱোঁ দাসৰ হৈ প্ৰচাৰ নচলোৱাটো নিশ্চিত হৈছে।

মঞ্চই সদৰী কৰা মতে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিষয়ে মঞ্চক আনকি এবাৰো জনোৱাও নাছিল দীপক দাসে।

বিজেপিৰ সমৰ্থন পালেও অসম আন্দোলনৰ বুকুত জন্মা অগপ তথা আন আন্দোলনকাৰী নেতাসকলৰ এই সিদ্ধান্তই প্ৰাৰ্থীজনক নিশ্চিতভাৱে শ’লঠেকত পেলাব।

দাসৰ মুখ্য প্ৰতিদ্বন্দ্বীৰূপে থকা কংগ্ৰেছৰ আব্দুল খালেক এজন শক্তিশালী প্ৰাৰ্থী, আৰু বৰ্তমানো জনিয়াৰ বিধায়ক।