• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাওঁ কংগ্ৰেছৰ দখললৈ যোৱাৰ ইংগিত ৰাজেন গোহাঁইৰ

যোৱা ২০ বছৰ একেৰাহে নিৰ্বাচিত হৈ লোকসভা সমষ্টিটো বিজেপিৰ অভেদ্য দুৰ্গত পৰিণত কৰিছিল বৰ্তমানৰ সাংসদ গোহাঁয়ে।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 26, 2019 9:00 pm
Loksabha election: Nagaon to be in Congress' hand, hints BJP MP Rajen Gohain

২০১৪ চনৰ লোকসভা নিৰ্বাচনত ১৫ হাজাৰ সমৰ্থক লৈ মনোনয়ন দাখিলৰ বাবে যোৱা ৰাজেন গোহাঁই। ছবি সৌজন্য-- ফে’চবুক।

1.1k
VIEWS
Share on FacebookShare on Twitter

যোৱা ২০ বছৰ ধৰি একেৰাহে নিৰ্বাচিত হৈ নগাওঁ লোকসভা সমষ্টিক বিজেপিৰ অভেদ্য দুৰ্গত পৰিণত কৰা বৰ্তমানৰ সাংসদ ৰাজেন গোহাঁয়ে আসন্ন নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখললৈ যোৱাৰ ইংগিত দিছে।

নৰ্থ ইষ্ট নাও-ৰ সৈতে মঙ্গলবাৰে হোৱা কথা-বাৰ্তাত “মনত দুখ লৈ” এই অপ্ৰিয় সত্য প্ৰকাশ কৰিছে অসমত বিজেপিৰ অতি পুৰণি নেতা তথা মোদী চৰকাৰৰ ৰে’ল ৰাজ্য মন্ত্ৰীজনে।

যথেষ্টসংখ্যক সংখ্যালঘু ভোট থকা বৃহৎ সমষ্টিটোত এইবাৰ এ আই ইউ দি এফ-এও প্ৰাৰ্থী নিদিয়াৰ কথা উল্লেখ কৰি এই সম্ভাৱনা ব্যক্ত কৰিছে গোহাঁয়ে।

“ধৰ্মীয় সংখ্যালঘু ভোটৰ যি মেৰুকৰণ হ’ব সেয়া কংগ্ৰেছৰ পক্ষতহে যোৱাৰ সম্ভাৱনা প্ৰবল। যোৱাবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফল চালেই সেই কথা স্পষ্ট হয়,” গোহাঁইৰ মন্তব্য। সমষ্টিটোত ’১৪ৰ নিৰ্বাচনত বিজেপিৰ গোহাঁয়ে ৪,৯৪,১৪৬টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩,৫০,৫৮৭ আৰু এ আই ইউ ডি এফে পাইছিল ৩,১৪,০১২টা ভোট।

মোদী ঢৌৰ বহু পূৰ্বৰে পৰা দুই দশক ধৰি সমষ্টিটো দখল কৰি থকা নেতাজনে গেৰুৱা প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলোৱাৰো আগ্ৰহ প্ৰকাশ কৰা নাই। মঙলবাৰে মনোনয়ন দাখিলৰ পূৰ্বে “আশীৰ্বাদ” বিচাৰি গোহাঁইৰ ঘৰলৈ যোৱা বিজেপি প্ৰাৰ্থী শৰ্মাৰ সন্মুখলৈ সাংসদগৰাকী ওলায়েই নাহিলে।

“মই মনত বহুত দুখ পাইছো। গতিকে ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাম নে নচলাম এতিয়াই স্থিৰ কৰিব পৰা নাই। আগলৈ কি কৰোঁ চাই লওঁ,” গোহাঁয়ে জনায়।

পত্নী ৰীতা গোহাঁইক অসম বিজেপিৰ নেতৃত্বইহে টিকেট দিয়াৰ আশ্বাস দিছিল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে প্ৰতাৰিত হোৱাৰ বাবে দুখ পোৱা বুলি মন্তব্য কৰিছিল। যৌন কেলেংকাৰিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজেই নিৰ্বাচনটোৰ আঁতৰি থকাৰ সিদ্ধান্ত লৈছিল।

জনপ্ৰিয় নেতাগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ নচলালে ৰূপক শৰ্মাৰ ব্যাপক লোকচান হোৱাৰ সম্ভাৱনা খুবেই প্ৰবল। সমষ্টিটোৰ অন্তৰ্গত হোজাইৰ বিধায়ক শিলাদিত্য দেবে গোহাঁইক তেওঁৰ “ৰাজনৈতিক গুৰু”ৰূপে এতিয়াও ঘোষণা কৰি আহিছে।

সমষ্টিটোত থকা বুজনসংখ্যক বাঙালী হিন্দুকে ধৰি সংখ্যালঘু ভোটাৰে তেওঁক খুব ভাল পাইছিল বুলিও গোহাঁয়ে দাবী কৰিছে। “বাঙালী ৰাইজে মোক যথেষ্ট ভাল পাইছিল। যোৱা ৪টা লোকসভা নিৰ্বাচনত তেওঁলোকৰ পৰা মই বিপুল সমৰ্থন পাইছিলো,” গোহাঁইৰ মন্তব্য।

তাৰোপৰি ৰাজনৈতিকভাৱেও, সাংসদ গোহাঁইৰ কেৰিয়াৰৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে কেৱল নতুন প্ৰাৰ্থী ৰূপক শৰ্মাৰ পৰাজয়তহে!

Recent News

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd