প্ৰত্যেক ভোটাৰলৈ গুৱাহাটীত ফ্ৰী সেৱা ৰেপিদ’ৰ, বাতৰিটোত ক্লিক কৰি লওক অ’ফাৰ

Loksabha election: Rapido bike taxi offers free ride to voters in Guwahati

ফাইল ছবি।

ভাৰতৰ বৃহৎ বাইক টেক্সি এপ ৰেপিদ’ই সমাগত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা গুৱাহাটী সমষ্টিৰ ভোটাৰসকললৈ আগবঢ়াইছে বিনামূলীয়া বাইক ৰাইড।

অ’ফাৰটো পাবলৈ ইয়াত ক্লিক কৰক।

এই সুবিধা উপভোগ কৰিবলৈ ভোটাৰসকলে ৰেপিদ’ এপটোত গৈ বাইক বুক কৰিব লাগিব। ফ্ৰি ৰাইডৰ এই সুবিধা উপভোগ কৰিবলৈ ভোটাৰসকলে কুপন ক’ড IVOTE ব্যৱহাৰ কৰিব লাগিব।

ৰেপিদ’ বাইক এপে আগবঢ়োৱা এই সুবিধা কেৱল গুৱাহাটীতহে আৰু কেৱল আসন্ন লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ ২৩ এপ্ৰিলত উপলব্ধ হ’ব।

প্ৰত্যেকজন ভোটাৰে যাতে “ৰাইট টু ভোট” অধিকাৰ সাব্যস্ত কৰিবলৈ সময়ত ভোটগ্রহণ কেন্দ্রত উপস্থিত হ’ব পাৰে তাৰ বাবেই ৰেপিদ’ বাইক এপে এই বিনামূলীয়া সুবিধা আগবঢ়াইছে।

“ৰেপিদ’ৰ এই সেৱা প্ৰত্যেকজন ভোটাৰৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে যাতে প্ৰতিজন ভোটাৰে সময়মতে ভোটদান কৰিব পাৰে। ৰেপিদ’ৰ এই ফ্ৰি ৰাইড সেৱা কেৱল ভোটদানৰ সময়তহে মহানগৰীত ভোটাৰসকলে উপভোগ কৰিব পাৰিব,” নৰ্থ-ইষ্ট নাওক জনায় ৰেপিদ’ৰ চিটী হে’ড সুমন আচার্য্যই।

ভোটাৰসকলে গুগল প্লে’ ষ্টৰ বা এপল ষ্ট’ৰৰ পৰা ৰেপিদ’ ম’বাইল এপটো ডাউনল’ড কৰি বাইক বুক কৰিব পাৰিব।

বিনামূলীয়া ৰেপিদ’ বাইক ৰাইড কেৱল ভোটদানৰ সময়তহে উপলব্ধ হ’ব।

ৰেপিদ’ বাইক ট্ৰেক্সি বৰ্তমান গুৱাহাটী আৰু শ্বিলঙত আৰম্ভ হৈছে।

চাৰিচকাৰ টেক্সিৰ ঠাইত বাইকৰ প্ৰচলন কৰি জনপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হোৱা বাংগালোৰৰ এই প্ৰতিষ্ঠানটোৱে বৰ্তমান ভাৰতৰ ৪০ খনতকৈয়ো অধিক নগৰ আৰু ১৬ খন ৰাজ্যত সেৱা আগবঢ়াই আছে।