‘ৱান লিটল ফিংগাৰ’ ছবিৰে অসমলৈ গৌৰৱ কঢ়িয়ালে আমেৰিকা নিবাসী ৰূপম শৰ্মাই

আমেৰিকা নিবাসী যোৰহাটৰ সন্তান ৰূপম শৰ্মাই তেওঁৰ ‘ৱান লিটল ফিংগাৰ’ নামৰ চলচ্চিত্ৰখনৰ বাবে দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ফিচাৰ ফিল্ম শাখাত ‘অনাৰেবল জুৰী মেনচন এৱাৰ্ড’ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত মহোৎসৱৰ বঁটা প্ৰদান অনুষ্ঠানত ৰূপম শৰ্মাৰ হৈ তেওঁৰ ভাতৃ তথা ‘ৱান লিটল ফিংগাৰ’ৰ কাৰ্যবাহী প্ৰযোজক নয়নজ্যোতি শৰ্মাই বঁটা গ্ৰহণ কৰে।

উল্লেখযোগ্য ৮০গৰাকীতকৈও অধিক দিব্যাংগৰ অভিনয়সমৃদ্ধ চলচ্চিত্ৰখনে ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সুনাম বুটলিবলৈ সক্ষম হৈছে।

অলপতে লছ এঞ্জেলছত অনুষ্ঠিত ৰিভাৰ ছাইড আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত ছবিখনে বিশেষ সন্মান লাভ কৰিছিল।

অহা ১৬ আগষ্টত ছবিখনে আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি লাভ কৰাৰ লগতে এইবছৰৰ ছেপ্তেম্বৰ মাহত চলচ্চিত্ৰখনে ভাৰতত মুক্তি পাব বুলি নয়নজ্যোতি শৰ্মাই জানিবলৈ দিয়ে।