• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ভোটাধিকাৰ সাব্যস্ত চীন সীমান্তৰ ভোটকেন্দ্ৰৰ একমাত্ৰ ভোটাৰৰ; নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দলক প্ৰশংসা

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 12, 2019 4:57 pm
Arunachal Lone voter Polling Station

মালোগামত থকা একমাত্ৰ ভোটাৰৰ ভোটকেন্দ্ৰটোৰ সন্মুখত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীকেইজন নিৰাপত্তাৰক্ষী। ফটোৰ উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত কালি হৈ যোৱা লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ এটা ব্যতিক্ৰম কাহিনীয়ে দৃষ্টি কাঢ়িছে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া য়ুজাৰৰ। মাত্ৰ এগৰাকী ভোটাৰ থকা দুৰ্গম অঞ্চলৰ এটা ভোটকেন্দ্ৰৰ কাহিনীটোত গণতন্ত্ৰত জনপ্ৰতিনিধি নিৰ্বাচনত প্ৰতিজন নাগৰিককে নিজৰ ভূমিকা লোৱাৰ সুযোগ দিবলৈ প্ৰশাসন তথা নিৰ্বাচন আয়োগৰ দায়বদ্ধতা প্ৰকাশ পাইছে।

Hayuliang

ভোটকেন্দ্ৰটো ৰাজ্যখনৰ আঞ্জ জিলাৰ হায়ুলিয়াং বিধানসভা সমষ্টিটোৰ অন্তৰ্গত মালোগাম নামৰ ঠাইত আছে। ঠাইখন ভাৰত-চীন সীমাত অৱস্থিত আৰু তালৈ যোগাযোগৰ সুবিধা সীমিত।

ছোকেলা তায়াং (Sokela Tayang) নামৰ মহিলাগৰাকী কেন্দ্ৰটোৰ একমাত্ৰ ভোটাৰ।

তায়াঙে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পোৱাটো নিশ্চিত কৰিবলৈ ই ভি এম আৰু অন্যান্য সা-সঁজুলি লৈ ৬জন নিৰ্বাচনী বিষয়া-কৰ্মচাৰী নিৰাপত্তাৰক্ষীসহ ১১ এপ্ৰিলৰ পুৱাতেই যাত্ৰা কৰে। গন্তব্যস্থানত উপনীত হোৱাৰ আগলৈকে নিৰ্বাচনী দলটো নিশ্চিত নাছিল ৩৯ বছৰীয়া তায়াং ভোট দিবলৈ আহিব নে নাহে বা কেতিয়াকৈ আহিব।

অৱশ্যে তেওঁলোকৰ কষ্টক অৰ্থপূৰ্ণ কৰি ছোকেলা তায়াং সোনকালেই অস্থায়ীভাৱে নিৰ্মিত ভোটকেন্দ্ৰটোত আহি উপস্থিত হয় আৰু ভোটদান সাব্যস্ত কৰে।

লগতে পঢ়ক এগৰাকী ভোটাৰৰ মতদান ল’বলৈ বাটকুৰি বাই যাব নিৰ্বাচনী বিষয়াৰ দল

ছোকেলাই প্ৰায় ৯.৩০ বজাত ভোটদান সাব্যস্ত কৰে আৰু তাৰ লগে লগেই ভোটদান প্ৰক্ৰিয়াৰো অন্ত পৰে। একমাত্ৰ ভোটাৰগৰাকীৰ ভোটদানৰ ফলত কেন্দ্ৰটোত ভোটদানৰ হাৰ ১০০ শতাংশ হয়।

ছোকেলা তায়াং থকা মালোগাম জিলা সদৰ হায়ুলিয়াঙৰ পৰা দূৰত্ব প্ৰায় ৩৯ কিলোমিটাৰ। নিৰ্বাচনী দলটো এছোৱা গাড়ীৰে আৰু বেছ এছোৱা পাহাৰীয়া পথেৰে খোজ কাঢ়ি গৈ তাত উপস্থিত হৈছিল। ছ’চিয়েল মিডিয়াত গণতন্ত্ৰৰ এই মূল্যৱান আৰু মধুৰ কাহিনীটোৱে চৰ্চা লাভ কৰা দেখা গৈছে।

মালোগাম ভোটকেন্দ্ৰৰ কাহিনী ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বহুল প্ৰচাৰিত হৈছে।

নিৰ্বাচন আয়োগৰ তথ্যমতে, অৰুণাচল প্ৰদেশত একেবাৰে কম সংখ্যক ভোটাৰ থকা কেইবাটাও ভোটকেন্দ্ৰ আছে। মালোগামৰ উপৰি পক্কে কেছাং বিধানসভা সমষ্টিৰ অন্তৰ্গত লামটা ভোটকেন্দ্ৰটোত আছে মাত্ৰ ৬জন ভোটাৰ। ৰাজ্যখনত ১০জনতকৈ কম সংখ্যক ভোটাৰ থকা মুঠ ৭টা ভোটকেন্দ্ৰ আছে।

গণতন্ত্ৰত এজন নাগৰিকৰো মতদানৰ অধিকাৰৰ প্ৰতি কেনে শ্ৰদ্ধা ৰাষ্ট্ৰই প্ৰকাশ কৰিব পাৰে, মালোগামৰ ভোটকেন্দ্ৰ তাৰ এটা উজ্জ্বল দৃষ্টান্ত।

Tags: নিৰ্বাচন ২০১৯
দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

September 8, 2025 3:09 pm
দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে

দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে

September 8, 2025 3:01 pm
পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

September 8, 2025 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd