NORTHEAST NOW (Assamese)

ভাৰতৰ বতাহ ইমান লেতেৰা! কোনে ক’লে এই কথা?

October 23, 2020 7:53 pm · এন ই নাও নিউজ
Updated: October 23, 2020 7:54 pm

ভাৰতৰ বতাহ বৰ লেতেৰা। চীন আৰু ৰাছিয়াৰ বতাহো লেতেৰা।

এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। আজি জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ ট্ৰাম্পে এনেদৰে কয়।

ট্ৰাম্পে কয় যে জলবায়ু পৰিৱৰ্তনৰ বিষয়ত আমেৰিকা সজাগ যদিও পেৰিছ চুক্তিৰ পৰা আমেৰিকা ওলাই আহিছে কেতবোৰ বিশেষ কাৰণত।

পেৰিছ জলবায়ু চুক্তিত আমেৰিকাই বিশেষ কোনো গুৰুত্ব পোৱা নাছিল বুলি ট্ৰাম্পে মন্তব্য কৰে।

পেৰিছ চুক্তিৰ পৰা ওলাই অহাৰ বাবেই আমেৰিকাত লাখ লাখ লোকৰ চাকৰি বচাব পৰাৰ লগতে কেইবা ত্ৰিলিয়ন মাৰ্কিন ডলাৰ ৰাহি কৰিব পৰা গৈছে বুলি ট্ৰাম্পে প্ৰকাশ কৰে।

যিটো সময়ত আমেৰিকাৰ বিদেশ সচিব মাইক পম্পিঅ ভাৰতলৈ আহিছে সেই সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ বতাহ অতি লেতেৰা বুলি কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ভাৰতৰ তুলনাত আমেৰিকাৰ দৰে উন্নত দেশ সমূহত প্ৰদূষণৰ মাত্ৰা অতি বেছি যদিও উন্নত দেশ সমূহে কাৰ্বনৰ নিঃসৰণ বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

ইয়াৰ বিপৰীতে উন্নত দেশ সমূহে ভাৰতৰ দৰে উন্নয়নশীল দেশ সমূহকহে কল-কাৰখানা বন্ধ কৰি কাৰ্বনৰ নিঃসৰণ হ্ৰাস কৰিবলৈ হেঁচা দি আহিছে।

Related News