NORTHEAST NOW (Assamese)

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

February 1, 2023 3:23 pm · এন ই নাও নিউজ, গুৱাহাটী

বাজেটকলৈ সাধাৰণ মানুহৰ মাত্ৰ এটাই আগ্ৰহ থাকে। কোন কোন বস্তুৰ মূল্য বাঢ়িছে, আৰু কোন কোন বস্তু সস্তা হৈছে। সাধাৰণ মানুহে এই ক্ষেত্ৰত কি পালে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰী, বুধবাৰে কেন্দ্ৰীয় বাজেট ২০২৩ দাখিল কৰে। তেওঁ ১ এপ্ৰিল, ২০২৩ ৰ পৰা আৰম্ভ হোৱা বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৩ দাখিল কৰিছে।

সীতাৰমণে দাখিল কৰা বাজেটৰ সস্তীয়া আৰু ব্যয়বহুল সামগ্ৰীৰ তালিকাখন চাওক:

কি কি বস্তুৰ দাম কমিল:

ম’বাইল

বৈদ্যুতিক গাড়ী আৰু বাইক

ৱৰ্কশ্বপত তৈয়াৰ কৰা হীৰা

এলইডি টেলিভিশ্বন

কাপোৰ

ম’বাইল ফোন চাৰ্জাৰ

পুতলা

চাইকেল

টেলিভিশ্বন

কি কি বস্তুৰ দাম বৃদ্ধি বাঢ়িল: 

ছিংগল বা মাল্টিপল লাউডস্পীকাৰ

হেডফোন/ইয়াৰফোন

ছাটি

ঘৰৰ বাবে পাকঘৰৰ চিমনি

সোণ

ৰূপৰ বাচন

প্লেটিনাম

চিগাৰেট

নকল গহনা

ছোলাৰ চেল

এক্স-ৰে মেচিন

ইলেক্ট্ৰনিক পুতলাৰ পাৰ্টছ

বিদেশী সামগ্ৰী

মঙলবাৰে সংসদৰ দুয়োখন সদনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ পিছত, বিত্ত মন্ত্ৰী সীতাৰমণে ২০২২-২৩ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা উপস্থাপন কৰে। অৰ্থনৈতিক সমীক্ষা অনুসৰি, ২০২৩-২৪ বৰ্ষত ভাৰতৰ জিডিপি ৬.৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এই বৃদ্ধি আগৰ দুটা বিত্তীয় বৰ্ষতকৈ কম (চলিত বিত্তীয় বৰ্ষত ৭ শতাংশ, ২০২১-২২ চনত ৮.৭ শতাংশ)।

Related News