• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2023 3:15 pm
Bharat Jodo Yatra
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ উলিওৱা ‘ভাৰত জোড়ো যাত্ৰা’ কালি সমাপ্ত হৈছে। সাত ছেপ্তেম্বৰৰ পৰা ৩০ জানুৱাৰীলৈ ১৩৫ দিনত যাত্ৰী সকলে খোজকাঢ়ি প্ৰায় ৪০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে। এতিয়া এই যাত্ৰাৰ অৰ্থ, তাৎপৰ্য আৰু ইয়াৰ সফলতা বিফলতাৰ আলোচনাৰ সময়। এই যাত্ৰাৰ উদ্দেশ্য কি আছিল মোটামোটি আমি জানো। তেওঁলোকে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিলঃ এটা হ’ল, ভাৰত কেৱল হিন্দুৰ বাবে নহয়, এই দেশখন ইয়াত অতীজৰেপৰা বসবাস কৰা সকলো লোকৰ। বিজেপিয়ে হিন্দু-ৰাষ্ট্ৰৰ নামত দেশখনত বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজত যি বিভাজন আনিছে তাক বাধা দিব লাগিব।

দুই নম্বৰ কথা হ’ল, দেশত দেখা দিয়া অভাৱনীয় মূল্যবৃদ্ধি আৰু তিনি নম্বৰ কথাটো হ’ল, নিবনুৱা সমস্যা। যোৱা ৪৫ বছৰৰ ভিতৰত ভাৰতবৰ্ষত নিবনুৱা সমস্যাই কেতিয়াও এনে ভয়াবহ ৰূপ ধাৰণ কৰা নাছিল। ইয়াৰ লগত জড়িত হৈছে আন এটা কথা। এইখন চৰকাৰে দেশৰ ৰাজহুৱা সম্পদ আৰু সম্পত্তি এতিয়া পানীৰ দৰত আদানী, আম্বানীৰ দৰে কেইটামান মুষ্টিমেয় উদ্যোগপতিক গতাই আছে। এইবোৰৰ বিৰোধিতা কৰা, প্ৰতিবাদ কৰা আছিল ভাৰত জোড়ো যাত্ৰাৰ মূল উদ্দেশ্য। এইবোৰ যে এই মুহূৰ্তত ভাৰতৰ জলন্ত সমস্যা তাক সাধাৰণ বিচাৰ-বুদ্ধি থকা কোনো মানুহে অস্বীকাৰ কৰিব নোৱাৰে। সেই বিষয়ে আমি বেছি আলোচনা কৰাৰ প্ৰয়োজন নাই।

Apply Now

কিন্তু, আমাৰ প্ৰশ্ন হ’ল, ‘ভাৰত জোড়ো যাত্ৰা’ত আমি কি দেখিলো? প্ৰথম কথা, কংগ্ৰেছৰ উদ্যোগ আৰু ৰাহুল গান্ধীৰ নেতৃত্ব আছিল যাত্ৰাটোৰ মূল চালিকা শক্তি। তাৰ লগত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা নাগৰিক সমাজ আৰু গণ-আন্দোলনৰ প্ৰতিনিধি সকলেও কিন্তু এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কোনো কোনো সময়ত কংগ্ৰেছৰ লগত ভাল সম্পৰ্ক থকা বিৰোধী ৰাজনৈতিক দলৰ নেতা সকলকো বেচ উৎসাহেৰে যাত্ৰাত যোগদান কৰা আমি দেখিবলৈ পাইছিলোঁ। ইয়াৰ উপৰিও কোনো দলীয় ৰাজনীতিৰ লগত সম্পৰ্ক নথকা অথচ সমাজত সুনাম থকা বিশিষ্ট ব্যক্তি কিছুমানকো আমি সময়ে সময়ে এই যাত্ৰাত চামিল হোৱা দেখিছিলোঁ। এই সকলেই আছিল যাত্ৰাটোত অংশগ্ৰহণ কৰা লোক।

কিন্তু, যাত্ৰাটোৰ বৈশিষ্ট্য কি আছিল? সেইটো কথা আলোচনা কৰিবলৈ যাওঁতে আমি মুখ্যতঃ ৰাহুল গান্ধীৰ কথা আলোচনা কৰিব লাগিব। এজন মানুহে ৰ’দ, বৰষুণ, গৰম, ঠাণ্ডা নেওচি ধাৰাবাহিকভাবে পাঁচ মাহ খোজকাঢ়ি থকাটো এটা মামুলি কথানে? আৰু যাত্ৰাৰ শেষৰ ফালে বিশেষকৈ নবেম্বৰৰ পৰা জানুৱাৰীলৈ এটা মাত্ৰ টি-চাৰ্ট পিন্ধি মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, পঞ্জাৱৰ হাড় কপোৱা ঠাণ্ডাকো কেৰেপ নকৰি জন্মু কাশ্মীৰত সোমোৱাটো এটা সাধাৰণ কথানে? এই শাৰীৰিক কষ্টৰ অৰ্থ কি? এটা সমস্যা সমাধানৰ কাৰণে যুক্তি, তত্ত্ব, গণ-আন্দোলন বা গণ-জাগৰণ- এই সকলোৰে প্ৰয়োজন। কিন্তু, তাতকৈ অধিক প্ৰয়োজন শাৰীৰিক যাতনা(suffering) আৰু কৃচ্ছ্ৰসাধনৰ। শাৰীৰিক দুখ-কষ্ট আৰু যাতনাই নেতৃত্বদায়ী ভূমিকাত থকা লোক সকলক সাধাৰণ মানুহৰ পৰ্যায়লৈ লৈ যায়। তেওঁলোকৰ মন পৰিশোধিত কৰে।

সাধাৰণ মানুহৰ দুখ-ব্যথাৰ অভিজ্ঞতা নথকাকৈ পৃথিৱীত এতিয়ালৈ কোনেও কোনো গুৰুত্বপূৰ্ণ সামাজিক পৰিবৰ্তন সাধন কৰিব পৰা নাই। তাৰ জলজল-পটপট উদাহৰণ, বুদ্ধ আৰু গান্ধী আৰু আমাৰ শংকৰদেৱ। ৰাহুল গান্ধীয়েও বাৰু তাৰ অনুশীলন কৰিছে নেকি? নিজৰ আইতাক ইন্দিৰা গান্ধী আৰু দেউতাক ৰাজীৱ গান্ধীৰ হত্যাৰ সময়ত ৰাহুল গান্ধীয়ে যি বেদনা আৰু কষ্ট পাইছিল তাক কাশ্মীৰত অহৰহ হত্যাৰ সন্মুখীন হৈ থকা কাশ্মীৰী সকল আৰু তাৰ নিৰাপত্তাৰক্ষী সকলৰ পৰিয়ালৰ লগত তুলনা কৰি ৰাহুল গান্ধীয়ে কালি যি বেদনাসিক্ত ভাষণ দিছিল তাৰ অৰ্থ কি? আজিৰ ৰাজনীতিক সকলে আনকি কংগ্ৰেছী সকলেও ৰাহুল গান্ধীৰ এই কথাবোৰ বুজি পাবনে?

কালিৰ ভাষণত ৰাহুলে কোনো পাশ্চাত্য দাৰ্শনিক, চিন্তাবিদ আৰু সমাজ সংস্কাৰকৰ কথা কোৱা নাছিল। তেওঁ মানবীয় মূল্যবোধৰ পৰাকাষ্ঠা কৰা আৰু আমাৰ সাংবিধানিক প্ৰমূল্যৰ লগত মিল থকা ভাৰতৰ ভক্তি আন্দোলনৰ গুৰু সকলৰ কথাহে কৈছিল। কথাটো মন কৰিবলগীয়া। ৰাহুল গান্ধী কি ভাৰতীয় প্ৰমূল্য আৰু আধ্যাত্মিকতাত বিশ্বাসী এক নতুন ৰাজনৈতিক/সামাজিক নেতা হিচাপে আমাৰ মাজত আবিৰ্ভাৱ হৈছে নেকি? আৰু এটা কথা, ৰাহুল গান্ধীয়ে এই যাত্ৰাটোত বাৰে বাৰে ভয়ৰ পৰা মুক্তিৰ কথা কৈছিল। কিয়, ভয়ে এতিয়া আমাৰ বেছিভাগ মানুহৰে মুখ বন্ধ কৰি থোৱা নাইনে? ভয় শূন্য হ’লে আমি সকলোৱে মুক্তভাবে নিজৰ কৰ্তব্য পালন কৰিব নোৱাৰিম জানো? ৰবীন্দ্ৰনাথ ঠাকুৰে ‘চিত্ত যেথা ভয়শূন্য, উচ্চ যেথা শীব়’ বুলি এনেয়ে কৈছিল নে?

‘ভাৰত জোড়ো যাত্ৰা’ত যোগেন্দ্ৰ যাদৱৰ নেতৃত্বত ভাৰতৰ বিভিন্ন ঠাইৰ নাগৰিক সমাজ আৰু জন-আন্দোলনৰ প্ৰতিনিধি সকলেও যোগদান কৰিছিল। এই অংশগ্ৰহণ আছিল এটা শীৰ্ণ, অথচ দ আৰু স্বচ্ছ সুঁতিৰ দৰে। যোৱা পাঁচ মাহে, সময়ে সময়ে যোগেন্দ্ৰ যাদৱে কোৱা কথাবোৰ আছিল তাৰ প্ৰমাণ। আচৰিত কথা যে ৰাহুল গান্ধী আৰু যোগেন্দ্ৰ যাদৱে বেলেগে বেলেগে কোৱা কথাবোৰৰ মাজত কিন্তু এক লক্ষণীয় মিল আমি লক্ষ্য কৰিছিলোঁ। কংগ্ৰেছে উলিওৱা যাত্ৰা এটাত নাগৰিক সমাজ আৰু জন-আন্দোলনৰ লগত জড়িত স্বাধীনচিতীয়া লোক সকলৰ অংশগ্ৰহণক বহুতে সহজভাবে লোৱা নাই। আনকি কংগ্ৰেছৰে এচামে তাক সহজভাবে লোৱা নাই। কিন্তু, দেশে সম্প্ৰতি সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সন্মুখত দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধৰ এই সহযোগ আৰু সমন্বয় জৰুৰী নহয়নে? এয়া স্বাধীনতা আন্দোলনৰ প্ৰমূল্যক পুনৰুদ্ধাৰৰ সময় নহয়নে?

আৰু এটা কথা৷ যাত্ৰাটোৱে গৈ কাশ্মীৰ পাওঁতে কি হৈছিল? ওমৰ আব্দুল্লা আৰু মেহবুবা মুফটিয়ে যেতিয়া ৰাহুল গান্ধীৰ লগত খোজ কাঢ়িছিল গোটেইখন লোকে লোকাৰণ্য হৈ পৰা নাছিলনে? আকৌ লালচ’কত জৱাহৰলাল নেহৰুৱে পতাকা উত্তোলনৰ ৭০ বছৰৰ পিছত ৰাহুল গান্ধীয়ে পতাকা উত্তোলন কৰাৰ সময়ত তাত কি হেন্দোলনিৰ সৃষ্টি হৈছিল? ভাৰত জোড়ো যাত্ৰাৰ গোটেই সময়ছোৱাত জাতীয় পতাকাক এক বিশেষ মৰ্যাদা দিয়া হৈছিল৷ এই দুয়োটা কথা গুৰুত্বপূৰ্ণ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd