পঞ্চায়তত ভেটি উছন তিনিওটা প্ৰধান দলৰ সভাপতিৰ : মহন্ত,বদৰুদ্দিনৰ প্ৰতিও দয়াহীন ভোটাৰ

Atul....ripun...ranjit

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত এইবাৰ দেখা গ’ল এক আন এক ছবি। ঘোষিত ফলাফল অনুসৰি ৰাজ্যৰ তিনিটা প্ৰধান ৰাজনৈতিক দলৰ সভাপতিৰ সমষ্টিত মুখ ঠেকেচা খালে দলকেইটাই। অগপ সভাপতি অতুল বৰা, বিজেপি সভাপতি ৰঞ্জিত দাস আৰু কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সমষ্টিত দলটো চৰম বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল।

অগপৰ সভাপতি অতুল বৰাৰ বোকাখাত সমষ্টিত বিজেপিৰ হাতত অগপ প্ৰাৰ্থীসকল বেয়াকৈ পৰাভূত হৈছে। পঞ্চায়ত নিৰ্বাচনত বোকাখাত সমষ্টিটোত অতুল বৰাৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল। বিজেপিৰ সৈতে মিত্ৰতা ধৰি ৰখাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা অগপ সভাপতিগৰাকীৰ সমষ্টিত বিজেপিয়ে দলটোক পঞ্চায়তত প্ৰায় নি:শেষ কৰি পেলালে।

একেদৰে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰভোগতো বিজেপি চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে কংগ্ৰেছৰ উত্থানহে পৰিলক্ষিত হ’ল। উল্লেখযোগ্য যে বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়কগৰাকীয়ে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত সমষ্টিটোত কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গৃহ স্থানতো বিজেপিৰহে জয়জয় ময়ময় অৱস্থা। ৰিপুন বৰাই গহপুৰত নিজৰ ভেটি ধৰি ৰখাত সম্পূৰ্ণ ব্যৰ্থ হোৱা দেখা গ’ল। ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক নেতৃত্ব বহন কৰা নেতাৰ এনে চৰম বিপৰ্যয়ে ভৱিষ্যতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

ইপিনে অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰতো বিজেপিৰ প্ৰাৰ্থীসকলেহে বাজীমাৎ কৰা দেখা গ’ল। সমষ্টিটোত গেৰুৱা দলৰ প্ৰাৰ্থীসকল বিজয়ী হোৱাৰ বিপৰীতে অগপৰ প্ৰাৰ্থীসকলে শোচনীয়ভাৱে মুখ ঠেকেচা খালে। আনহাতে, তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছৰ প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিতো বিজেপিয়ে বিধ্বস্ত কৰিছে কংগ্ৰেছক।

কংগ্ৰেছৰ আন এগৰাকী শীৰ্ষ নেতা প্ৰদ্যুত বৰদলৈ সমষ্টিতো কংগ্ৰেছৰ ভেটি ৰক্ষা হোৱা নাই। কিন্তু ইয়াৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ সমষ্টিত কংগ্ৰেছৰ উত্থান ঘটিছে।

আনহাতে, এ আই য়ু ডি এফৰ ঘাটি হিচাপে পৰিচিত যমুনামুখত বদৰুদ্দিন আজমলৰ প্ৰভাৱ নস্যাৎ কৰি কংগ্ৰেছৰ উত্থানহে পৰিলক্ষিত হ’ল। পঞ্চায়ত নিৰ্বাচনত এইবাৰ এ আই য়ু ডি এফ সম্পূৰ্ণ নিষ্প্ৰভ হৈ পৰিছে।