NORTHEAST NOW (Assamese)

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত লাভলিনা বৰগোহাঁই

March 18, 2019 4:33 pm · এন ই নাও নিউজ
ফটো উৎস : ফে'চবুক

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে কৰি অহা উন্নত প্ৰদৰ্শনৰ বাবে পুনৰ এবাৰ ভাৰতীয় মহিলা বক্সিং দললৈ নিৰ্বাচিত হৈছে অসমৰ উদীয়মান তথা প্ৰতিভাশালী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই।

ভাৰতীয় মহিলা দলটোৱে অহা ১৬ এপ্ৰিলৰ পৰা বেংককত অনুষ্ঠিত হ’ব লগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

ইফালে ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন তথা ২০১৭ বৰ্ষত ভিয়েটনামত অনুষ্ঠিত এছিয়ান উইমেছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মেৰী কমে এইবাৰৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ বিপৰীতে মেৰী কমে চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব লগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবেহে মনেনিৱেশ কৰিব বিচাৰিছে।

উল্লেখ্য যে বুলগেৰিয়াৰ ছ’ফিয়াত যোৱা মাহত অনুষ্ঠিত হোৱা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনা বৰগোহাঁইয়ে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

লাভলিনাৰ উপৰি অসমৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ ফাইলু বসুমতাৰীক ৬৪ কেজি শাখাৰ বাবে ৰিজাৰ্ভত ৰখা হৈছে। ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব লগীয়া বক্সিং প্ৰতিযোগিতাখন অহা ২৭ এপ্ৰিলত অন্ত পৰিব।

Related News