NORTHEAST NOW (Assamese)

ৰাছিয়াত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বর্ণপদক অর্জন লাভলিনা বৰগোহাঁইৰ

August 4, 2019 8:20 am · এন ই নাও নিউজ
Updated: August 4, 2019 8:48 am
লাভলিনা বৰগোহাঁই। ফাইল ফটো

ভাৰতৰ ২১ বৰ্ষীয় প্ৰতিভাৱান মহিলা বক্সাৰ তথা অসম সন্তান লাভলিনা বৰগোহাঁয়ে ৰাছিয়াত চলি থকা ‘মাগোমেদ চালাম উমাখানোভ মেম’ৰিয়েল আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা’ৰ ৬৯ কিলোগ্ৰাম শাখাৰ ফাইনেলত দৰ্শনীয় প্ৰদৰ্শনেৰে স্বৰ্ণ পদক দখল কৰিছে।

শনিবাৰে অনুষ্ঠিত ফাইনেলত ইটালীৰ আছুন্টা কেনফ’ৰাক ৩-২ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত লাভলিনাৰ উপৰি ভাৰতৰ আন এগৰাকী বক্সাৰ নীৰজে স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে গৌৰৱ ছোলাংকীয়ে ৰূপৰ পদক লাভ কৰে।

প্ৰতিযোগিতাখনত ভাৰতে দুটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকসহ মুঠ ছয়টা পদক লাভ কৰে।

ইণ্ডিয়া অপেন ফাইনেলত আছুন্টা কেনফ’ৰাৰ হাতত ২-৩ ব্যৱধানত পৰাজিত হোৱা লাভলিনাই এইবাৰ আছুন্টাৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰস্তুতিৰে অৱতীৰ্ণ হৈছিল।

লাভলিনাই ছেমিফাইনেলত বেলাৰুচৰ প্ৰতিদ্বন্দী এলিনা ভেবেৰক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

আনহাতে, কোৱাৰ্টাৰ ফাইনেলত অসম সন্তানগৰাকীয়ে ৰাছিয়াৰ আনাষ্টাচিয়া চিগেভাক ৫-০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল।

লাভলিনাই ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, ভিয়েটনামত ২০১৭ চনত অনুষ্ঠিত হোৱা এচিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলিনাই ব্ৰঞ্জৰ পদক দখল কৰিছিল।

তদুপৰি, প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ২০১৮ চনত মংগোলিয়াত অনুষ্ঠিত হোৱা উলানবাটাৰ কাপ আৰু পোলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চিলেচিয়ান চেম্পিয়নশ্চিপত ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক দখল কৰবলৈ সক্ষম হৈছিল।

লাভলিনাই ২০১৮ চনৰ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা এ আই বি এ মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

 

 

Related News