অসমত টৰ্ণেডো! নিম্ন প্ৰাবল্যৰ টৰ্ণেডোৰ সৃষ্টি হ’ল অসমৰ এখন জিলাত, ভিডিঅ’

কিহৰ প্ৰভাৱত হৈছে এই ধুমুহা? ধাৰাসাৰ বৰষুণৰো সম্ভাৱনা

আমেৰিকাৰ লগতে বিশ্বৰ বহু ঠাইত প্ৰতি বছৰে ব্যাপক সংহাৰৰ সৃষ্টি কৰা ধুমুহা টৰ্ণেডো সাধাৰণতে প্ৰাকৃতিক কাৰণতে অসমত নহয় যদিও আজি টৰ্ণেডো সদৃশ ধুমুহাই জোকাৰি গ’ল অসমৰ বৰপেটা জিলাৰ এটা অঞ্চলক।

শনিবাৰে বৰপেটা জিলাত এটা কম তীব্ৰতাৰ টৰ্ণেডো সৃষ্টি হোৱাত আচৰিত হৈ পৰে জিলা খনৰ বহু বাসিন্দা।

স্মাৰ্টফোনৰ কেমেৰাত বহুতেই বন্দী কৰে এই বিৰল ঘটনাৰ দৃশ্য।

এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীৰ টুইটাৰ হেণ্ডলৰ পৰা লোৱা হৈছে ধুমুহাৰ বিধ্বংসী দৃশ্য।

এই দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে।

অৱশ্যে টৰ্ণেডোৰ ফলত কোনো ধন-জন হানিৰ খবৰ পোৱা হোৱা নাই।

বৰপেটাৰ চেঙা অঞ্চলত আজি এই ধুমুহাৰ সৃষ্টি হয়।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানৰ উপ-সঞ্চালক প্ৰধান সঞ্জয় অ’নিল শ্ব’ই কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বংগোপসাগৰত নিম্নচাপৰ ফলত সৃষ্টি হোৱা ধুমুহা দেওবাৰে সন্ধিয়া ঘূৰ্ণী বতাহত পৰিণত হোৱাৰ সম্ভাৱনা কথা প্ৰকাশ কৰিছে।

এই ঘূৰ্ণী বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৭৫ কিলোমিটাৰতকৈ অধিক হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।

দেওবাৰে এই ঘূৰ্ণী বতাহ অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাৰ উপকূলৰ ফালে তীব্ৰ বেগেৰে গতি কৰিব।

আছানী নামেৰে নামকৰণ কৰা এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ অসমতো পৰাৰ সম্ভাৱনা আছে। ঘূৰ্ণী বতাহৰ প্রভাৱত অসমতো ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

আজি বৰপেটাত হোৱা টৰ্ণেডো সদৃশ ধুমুহা জাকৰ সৈতে আছানী ঘূৰ্ণী বতাহৰ কিবা সম্পৰ্ক আছে নে নাই সেয়া থিৰাংকৈ ক’ব পৰা হোৱা নাই।