NORTHEAST NOW (Assamese)

জুইৰ সলনি ওলায় পানী! শুৱালকুছিৰ গেছ এজেন্সীৰ বিৰুদ্ধে গ্ৰাহকক প্রৱঞ্চনাৰ অভিযোগ

November 25, 2021 12:04 pm · মৃদুল প্ৰীতম ডেকা,হাজো
Updated: November 25, 2021 12:59 pm

শুৱালকুছিৰ বুদৰাম গেছ চাৰ্ভিছৰ বিৰুদ্ধে উত্থাপন হৈছে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ।

অভিযোগ অনুসৰি গেছ এজেন্সীটোৱে যোগান ধৰা চিলিণ্ডাৰৰ পৰা ৰন্ধন গেছৰ সলনি ওলাল পানী।

শুৱালকুছি বুদৰাম গেছ চাৰ্ভিছৰ পৰা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে ক্ৰয় কৰিছিল এটা ৰন্ধন গেছৰ ছিলিণ্ডাৰ। ৰন্ধন গেছৰ ছিলিণ্ডাৰটো ব্যৱহাৰ কৰিবলৈ লওঁতে নজ্বলিল জুই।

পাছতহে ওলাল উৰহী গছৰ ওৰ।

ৰন্ধন গেছৰ ছিলিণ্ডাৰত গেছৰ সলনি আছে পানী। এনে নাভূত নাশ্ৰুত ঘটনাৰ পাছত গ্ৰাহক জনে ছিলিণ্ডাৰটো ওভতাই দিব বিচৰাত ওভতাই নলয় গেছ চাৰ্ভিছে।

ৰন্ধন গেছৰ চৰা দামে সকলোৰে বাজেটত, পাকঘৰত প্ৰভাৱ পেলাইছে।

এনে সময়ত উচিত মূল্য দি ক্ৰয় কৰা ছিলিণ্ডাৰত যদি গেছৰ সলনি পানী ওলায় তেন্তে গ্ৰাহকৰ অৱস্থা কেনে হ’ব সেয়া সহজেই অনুমেয়।

এনে পৰিস্থিতিত শুৱালকুছি বুদৰাম গেছ চাৰ্ভিছৰ এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে গোচৰ ৰুজু তৰিবলৈ সাজু হৈছে ভুক্তভোগী গ্ৰাহকে জনে।

Related News