NORTHEAST NOW (Assamese)

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

October 6, 2021 10:17 am · এন ই নাও নিউজ

দেশত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যই নিতৌ আকাশলঙ্ঘী দৌৰ মাৰিছে। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

তেল বিপণন কোম্পানীবোৰে আকৌ এবাৰ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ১৫ টকা বৃদ্ধি কৰিছে।

তেল কোম্পানীবোৰে ৰাজসাহায্য বিহীন ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য ১৫ টকা বৃদ্ধি কৰিছে।

মূল্য বৃদ্ধিৰ পাছত এতিয়া ৰাজধানী চহৰ দিল্লীত এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৮৮৪.৫০ টকাৰ পৰা ৮৯৯.৫০ টকালৈ বৃদ্ধি হৈছে।

দেশত প্ৰতি মাহেত এলপিজি চিলিণ্ডাৰৰ মূল্যৰ উত্থান হ’ব ধৰিছে। ১ ছেপ্টেম্বৰত এলপিজি চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হৈছিল।

কালি পুনৰ মূল্য বৃদ্ধিৰ পাছত এমাহৰ ভিতৰতে তেল বিপণন কোম্পানীবোৰে তৃতীয়বাৰৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পাছত আজিৰ পৰা নতুন মূল্য কাৰ্যকৰী হ’ব।

গুৱাহাটীত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য হৈছে ৯৩৩.৫০ টকা।

উল্লেখ্য যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত সেই সময়ৰ বিৰোধী দল তথা বৰ্তমানৰ শাসকীয় বিজেপি দলে ৰন্ধন গেছৰ মূল্য ৪০০ টকালৈ বৃদ্ধি পাওঁতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অথচ ২০১৪ চনত সেই সকলেই এতিয়া শাসননৈ অহাৰ পিছত ৰন্ধন গেছৰ মূল্য নিতৌ বৃদ্ধি পাই ৯০০ ৰ ঘৰ স্পৰ্শ কৰাৰ পাছতো মৌনতা অৱলম্বন কৰিছে।

Related News