মাজুলীৰ ১৪টা দুৰ্গম ভোটকেন্দ্ৰলৈ কাইলৈ ৰাওনা হ’ব ভোটগ্ৰহণকাৰী দল

Security forces from Arunachal Pradesh cast first vote of Lok Sabha election 2019

প্ৰতিনিধিত্বমূলক ছবি।

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দুদিন পূৰ্বেই অৰ্থাৎ ৯ এপ্ৰিলত লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিৰ ১৪টা দুৰ্গম ভোটকেন্দ্ৰলৈ ৰাওনা হ’ব ই ভি এম-ভি ভি পি এ টি যন্ত্ৰসহ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ দল।

গড়মূৰস্থিত উপায়ুক্ত কাৰ্যালয় চৌহদত কাইলৈ পুৱা ৮ বজাৰ পৰা ১০.৩০ বজাৰ ভিতৰত এই ১৪টা ভোটকেন্দ্ৰত অহা ১১ এপ্ৰিলত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে যাবলগা প্ৰিজাইডিং-পোলিং বিষয়াসকলক ভোটগ্ৰহণৰ প্ৰয়োজনীয় সামগ্ৰী অৰ্পণ কৰিব জিলা নিৰ্বাচন বিভাগে।

উল্লেখযোগ্য যে আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ অন্তৰ্গত উক্ত ১৪টা ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ১নং সাধু চাপৰি, ৭নং মধ্য আঁহতগুৰি, ২নং বৰুৱাচুক, ৩নং আদৰ্শ এম ই স্কুল, ৪নং প্ৰগতি এম ই স্কুল, ৫নং হুটাৰ, ৬নং বুঢ়া চাপৰি, ১০নং চৰাই চাপৰি, ১১নং দলখোৱা এল পি স্কুল, ১২ নং শালমৰাপাৰ, ১৩নং উজিৰআটি, ১৪ নং ৰৌমাৰা, ১৫নং ভেকেলীমুগ এল পি স্কুল আৰু ৪২নং কাৰ্তিক চাপৰি ভোটকেন্দ্ৰ।

ভোটগ্ৰহণকাৰী দলসমূহৰ ভিতৰৰে সাধু চাপৰি আৰু মধ্য আঁহতগুৰি ভোটকেন্দ্ৰৰ দায়িত্বত থকা দল দুটাই কাইলৈ নিশাটো লখিমপুৰ জিলাৰ বিহপুৰীয়াত থকা দেউৰী স্বায়ত্ব পৰিষদৰ অতিথিগৃহত বাহৰ পাতি বুধবাৰে পুৱাই নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হ’ব।

একেদৰে বাকি ১২টা ভোটকেন্দ্ৰৰ দায়িত্বত থকা দলকেইটাই কাইলৈ নিশাটো দেৰগাঁৱস্থিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অতিথিশালাত নিশা বাহৰ পাতি ১০এপ্ৰিলৰ পুৱাই নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হ’ব।

ইতিমধ্যে বিহপুৰীয়াৰ দেউৰী স্বায়ত্ব পৰিষদ আৰু দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰস্থিত অতিথিশালা দুটাক নিৰ্বাচন আয়োগে মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ কৰ্তৃত্বাধীন সাময়িক অন্তৱৰ্তী ষ্ট্ৰংৰোম হিচাপে চিহ্নিত কৰি জাননী জাৰি কৰিছে।

আনহাতে, জিলাখনৰ অৱশিষ্ট ১৫০টা ভোটকেন্দ্ৰলৈ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দলসমূহ অহা ১০ এপ্ৰিলত ৰাওনা হ’ব।