বিদেশৰ পৰা হিন্দু বেংগলী আনি নিৰ্বাচন জিকিব বিচৰা লোকে মোক চালানী বুলি কয় : ভানু

তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি কে ভানুৰ সমৰ্থনত আজি বিশ্বনাথত কংগ্ৰেছৰ সমৰ্থকসকলে এক বিশাল বাইক ৰেলী বাহিৰ কৰে। বিশ্বনাথৰ প্ৰতাপগড়ৰ পৰা বিশ্বনাথ মন্দিৰলৈ উলিওৱা এই ৰেলীত ভানুৱে খোলা জীপত নিৰ্বাচনী প্ৰচাৰ চলায়।

শতাধিক সমৰ্থকৰ সৈতে তেওঁ বিশ্বনাথ ঘাটত উপস্থিত হৈ বিশ্বনাথ মন্দিৰ আৰু নামঘৰত সেৱা লয়। ইয়াৰ পিছতে মছজিদত এখন প্ৰাৰ্থনা সভাতো অংশগ্ৰহণ কৰে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে।

আজিৰ নিৰ্বাচনী ৰেলীত ভাগ লৈ ভানুয়ে কিছুদিন পূৰ্বে বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাই তেওঁক ‘চালানী প্ৰাৰ্থী’ বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয়, ‘মইতো ভাৰতীয় নাগৰিক, ৩৫ বছৰ অসমত চাকৰি কৰি অসমৰ সেৱা কৰিছো। তেওঁলোকে বিদেশৰ পৰা হিন্দু বেংগলী আনি নিৰ্বাচন জিকাৰ কথা কৈ আছে আৰু এইফালে প্ৰকৃত ভাৰতীয়ক চালানী বুলি কৈছে।’

আনহাতে বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পল্লৱ লোচন দাসে ভানুক যোগ্য প্ৰাৰ্থী নহয় বুলি কৰা মন্তব্যৰ সন্দৰ্ভত তেওঁ কয়, ‘মই সাধাৰণ মানুহ, ৰাইজৰ ওচৰত থাকি মই ৰাইজক সেৱা কৰিম। মইতো লাল বাতিৰ গাড়ীত ফুৰা মন্ত্ৰী নহয়। পল্লৱ লোচন দাস বহুত যোগ্য মানুহ, সেইবাবেই বিহালীত পাঁচ বছৰ বিধায়ক হৈ ৰাঙাপাৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগিয়া হ’ল। শক্তি মন্ত্ৰী হৈ ভাল কাম কৰাৰ বাবে সেই দপ্তৰৰ পৰা আঁতৰ কৰি বেলেগ বিভাগৰ দায়িত্ব দিব লগীয়া হ’ল।’

পল্লৱ লোচনক উদ্দেশ্যি ভানুয়ে লগতে কটাক্ষ কৰি কয়, ‘পল্লৱ লোচন দাসে বি এছ চি কিমান বছৰ অধ্যয়ন কৰিছে তেখেতক শুধি ল’ব।’