চামগুৰিত মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ হাগ্ৰামাসহ ৩ শীৰ্ষ বি পি এফ নেতাৰ

আগন্তুক লোকসভা নিৰ্বাচনৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ আজি চামগুৰিত বি পি এফৰ প্ৰধান হাগ্ৰামা মহিলাৰীসহ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে প্ৰচাৰ চলায়।

চামগুৰি সমষ্টিৰ বড়ো জনজাতীয় অধ্যুষিত এলেকা ৰূপে খ্যাত চালপাৰাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি মহিলাৰীয়ে নিজ মুখে উদঙালে বি পি এফৰ সুবিধাবাদী ৰাজনীতি। সভাত উপস্থিত সহস্ৰাধিক ৰাইজৰ সন্মুখত হাগ্ৰামাই, যি দল ক্ষমতাত থাকে তেওঁলোকে সেই দলকে সমৰ্থন জনাই আহিছে বুলি স্বীকাৰ কৰে।

বড়োসকলৰ উন্নয়নৰ দোহাই দি চৰকাৰত নথকা দলৰ লগত থাকি একো লাভ নাই বুলি মন্তব্য কৰি হাগ্ৰামাই লগতে কয়, ‘এতিয়া আৰু কংগ্ৰেছৰ দিন নাই, বিজেপিৰ দিন, বিজেপিৰে জয়। উপাই নাই এতিয়া বিজেপিতে থাকি কাম কৰিব লাগিব’।

সভাত ভাষণ দি সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সোণোৱাল চৰকাৰে এইবাৰ বাজেটত বি টি চিৰ বাহিৰৰ বড়ো গাঁওসমূহক লৈ বড়ো-কছাৰী অ’টনমাচ কাউঞ্চিল গঠনৰ ঘোষণা কৰিছে বুলি উল্লেখ কৰি ইয়াৰ স্বাৰ্থতে চামগুৰিৰ চালপাৰাৰ বড়ো লোকসকলক ‘আন একো নাভাবি হাতীৰ চিনত ভোট’ দিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে মণিমাধৱ মহন্তৰ হৈ বি পি এফৰ ৩ গৰাকীকৈ শীৰ্ষ নেতাই প্ৰচাৰ চলোৱা আজিৰ সভাত শেষ পৰ্যন্ত কিন্তু খোদ অগপ প্ৰাৰ্থী গৰাকীয়ে উপস্থিত নহ’ল।