NORTHEAST NOW (Assamese)

‘বিজেপিক ভোট দিয়া মানে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনোৱা’

March 27, 2019 9:15 pm · মানস প্ৰতিম গগৈ
ইজৰাইল নন্দ, ফটোত বাঁওফালে গামোচা লৈ থকাজন

বিজেপিক ভোট দিয়া মানে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনোৱা। এই মন্তব্য আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগাবঢ়োৱা আনপা, শিৱসেনা, চি পি আই, অসম সংগ্ৰামী মঞ্চকে ধৰি কেইবাটাও দল-সংগঠনৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী, শ্ৰমিক নেতা ইজৰাইল নন্দৰ।

আজি মাৰ্ঘেৰিটাৰ হিলভিউত প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই এখন সভাত বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লগতে কয় যে অসমীয়াৰ তেজ থকা সকলে বিজেপিক কেতিয়াও ভোট নিদিয়ে। আনহাতে ডিব্ৰুগড়ৰ বিজেপি সাংসদ তথা তেওঁৰ প্ৰতিদ্বন্দ্বী ৰামেশ্বৰ তেলীয়ে ‘সাংসদ পুঁ‌জিৰ আধা টকাও খৰছ কৰিব নোৱাৰা’ত তেলীক সৰ্বকালৰ ব্যৰ্থ সাংসদ বুলি মন্তব্য উল্লেখ কৰি ৰাজনীতিত কেঁচুৱা বুলি কটাক্ষ কৰে।

তদুপৰি ‘২০১৮ চনৰ পৰা চাহ শ্ৰমিকে পাব লগা বকেয়া অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসে মাৰ্চ মাহৰ পৰা আদায় দি শ্ৰমিকৰ ৩০০ শ কোটি টকা বাগিচা কৰ্তৃপক্ষক ৰেহাই দিয়াৰ আঁ‌ৰত কি ৰহস্য’ আছে বুলি প্ৰশ্ন কৰি উক্ত চুক্তি স্বাক্ষৰ কৰা কংগ্ৰছ দলৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰকো শ্ৰমিক বিৰোধী বুলি কয়।

কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী কেইগৰাকীক কটাক্ষ কৰি তেওঁ কয়, ‘পৱন সিং ঘাটোৱাৰ বুঢ়া আৰু ৰামেশ্বৰ তেলী ৰাজনীতিত কেঁচুৱা। বুঢ়া তথা কেঁচুৱাক সংসদলৈ পঠালে উন্নয়ন আশা কৰিব নোৱাৰি। সেয়ে ৰাইজে সিদ্ধান্ত লওক কোন প্ৰাৰ্থীক নিৰ্বাচিত কৰিব।’

Related News