লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই এৰিলে স্পীয়াৰ কৰ্পছ কমাণ্ডৰ দায়িত্ব

RP-Kalita-2-1024x512

ৰাণা প্ৰতাপ কলিতা।

লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই মঙলবাৰে স্পীয়াৰ কৰ্পছৰ কমাণ্ডৰ দায়িত্বৰ পৰা অব্যাহতি লয়।

অসম সন্তান সেনা বিষয়াগৰাকীয়ে তেওঁৰ এই সেৱাৰ সময়ছোৱাত তেওঁলৈ সমৰ্থন তথা সহযোগিতা আগবঢ়োৱা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে।

যোৱা ২০২০চনৰ ৯ ফেব্ৰুৱাৰিত জেনেৰেল বিষয়াগৰাকীয়ে স্পীয়াৰ কৰ্পছৰ দায়িত্ব গ্ৰহণ কৰিছিল।

তেওঁ দিল্লীলৈ গৈ এক গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণৰ বাবেই স্পীয়াৰ কৰ্পছৰ দায়িত্বৰ পৰা অব্যাহতি লৈছে।

তেওঁ দায়িত্বত থকা সময়ছোৱাত স্পীয়াৰ কৰ্পছে অভিযানমূলক প্ৰস্তুতি বৃদ্ধি কৰা তথা আন্ত:গাঁথনিৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।

‘’স্পীয়াৰ কৰ্পছে উত্তৰ পূব ভাৰতত শান্তি স্থাপন কৰাত সফলতা লাভ কৰিছিল আৰু সেইদৰে দক্ষিণ অৰুণাচল, নাগালেম্ড আৰু মণিপুৰত আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাত সুস্থিৰতা আনি নাগা শান্তি চুক্তিৰ বাবে বাতাবৰণ গঢ়ি তুলিছিল,’’-গুৱাহাটীস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল পি খংছাইয়ে এক বিবৃতিত কয়।

উত্তৰ পূবৰ এগৰাকী বি,য়া হিচাপে লেফটেনেন্ট জেনেৰেল কলিতাই আঞ্চলিক পৰিস্থিতিটো ভালদৰে বুজিব পাৰিছিল আৰু সেইবাবে এক বৃহৎ সংখ্যক অমীমাংসিত বিষয় সমাধান কৰাত তেওঁৰ হায় হৈছিল।

তেওঁৰ এই কাৰ্যকালত স্থানীয় জনসাধাৰণৰ বাবে এক বৃহৎ সংখ্যক কল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বিশেষকৈ কোভিড-১৯ মহামাৰীৰ সময়ছোৱাত সাহায্য সামগ্ৰী বিতৰণ, আন্ত:গাঁথনিৰ উন্নয়ন, চিকিৎসা শিৱিৰ তথা শৈশিক সাহায্যৰ দৰে ৰাজ্যকেইখনৰ ভিতৰুৱা অঞ্চলৰ লোকৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।