লামডিং-বদৰপুৰ পাহাৰীয়া ৰে’লপথত ভূমিস্খলন, ব্যাহত ট্রেইন চলাচল

বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বুৰষুণৰ ফলত বদৰপুৰ পাহাৰীয়া ৰেলপথত ভূমিস্খলন হৈছে। ডিমা হাছাও জিলাৰ মুপা ৰে’ল ষ্টেচনৰ ওচৰত প্ৰায় ২৫০ মিটাৰ ৰে’ল পথ ক্ষতিগ্ৰস্ত হৈছে।

ইতিমধ্যে যুদ্ধকালীন গতিত মেৰামতিৰ কাম আৰম্ভ হৈছে যদিও পথছোৱা কেতিয়ালৈ সূচল হ’ব তাক এই মূহুৰ্তত কোৱা টান হ’ব।

ইপিনে ভূমিস্খলনৰ কাৰণে ৰে’ল পৰিসেৱা ব্যাহত হৈ পৰিছে। কালি চেন্নাই-জিৰিবাম শ্ৰমিক এক্সপ্ৰেছ লামডিং ষ্টেচনত ৰখাই দিয়াৰ বিপৰীতে আনন্দ বিহাৰ-আগৰতলা ৰাজধানী এক্সপ্ৰেছ বদৰপুৰ ষ্টেচনৰ পৰা উভতাই পঠিওৱা হৈছিল।

ইপিনে আজি পৰিস্থিতি অধিক অৱনতি হোৱাৰ খৱৰ পোৱা গৈছে। নিউ হাফলং আৰু মিগ্ৰেনদিচা ষ্টেচনৰ মাজত ৰে’লপথত ভূমিস্খলন হোৱাৰ উপৰি দাওট’হাজা ষ্টেচনৰ মাজতও ভূমিস্খলন হোৱাৰ খবৰ আহিছে।

ভূমিস্খলনৰ কাৰণে ডিমা হাছাওৰ উপৰি বৰাক উপত্যকা, মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা দেশৰ ৰে’ল ব্যৱস্থাৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। এন এফ ৰে’লৱেৰ এগৰাকী বিষয়াৰ ভাষ্য অনুসৰি পাহাৰ লাইন সূচল হ’বলৈ কমেও এসপ্তাহ সময় লাগিব।