দালাল গ্ৰেপ্তাৰেৰে চমক সৃষ্টি কৰি নাটক কৰিছে বিজেপি চৰকাৰে: লুৰিণজ্যোতি গগৈ

দালাল গ্ৰেপ্তাৰেৰে চমক সৃষ্টি কৰি ৰাজ্যৰ বিজেপি চৰকাৰে নাটক কৰিছে বুলি আজি  মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

দালাল যিমান দোষী, দালাল ব্যৱহাৰ কৰা সকলো সমানে দোষী বুলি তেওঁ কয় । মুখ্যমন্ত্ৰীয়েও দালালৰ হাতেৰে মাটিৰ কাম কৰোৱায় বুলি মন্তব্য কৰি গগৈয়ে সেইবোৰো তদন্তৰ আওঁতালে আনিব লাগে বুলি দাবী জনায় ।

চৰকাৰে মাটিৰ দালাল গ্ৰেপ্তাৰ কৰিছে আনহাতে বিজেপি দলৰ সকলোতকৈ ডাঙৰ দালালক বিজেপিয়ে টিকট দিব বিচাৰিছে বুলি লুৰিণজ্যোতি গগৈয়ে তীৰ্যক মন্তব্য কৰে ।

আজি গোলাঘাটত অসম জাতীয় পৰিষদৰ এখন সাংগঠনিক সভাত সাংবাদিকৰ আগত এনেদৰে মন্তব্য আগবঢ়াই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

আগন্তুক উপ নিৰ্বাচনত বিৰোধী শিবিৰৰ পৰা এটা সমষ্টিত এজন প্ৰাৰ্থী প্ৰদানৰ আহ্বান জনালে লুৰিণজ্যোতি গগৈয়ে । এই সন্দৰ্ভত কংগ্ৰেছক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে অসম জাতীয় পৰিষদে দলে ।

লুৰিণজ্যোতি গগৈয়ে চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে চৰকাৰে প্ৰতিশ্ৰুতি মতে ভূমি সংৰক্ষণ কৰিব লাগে ।আনহাতে আজিও সত্ৰ ,নামঘৰ,ৰাষ্ট্ৰীয় উদ্যান ,বনাঞ্চলৰ বেদখল উচ্ছেদ কৰিব পৰা নাই চৰকাৰে । বেদখল কৰা খিলঞ্জীয়াক সংস্থাপন দিব লাগে ।

গড়ৰ খৰ্গ দাহন কৰাৰ ক্ষেত্ৰত চৰকাৰে এক উৎসৱ মুখৰ পৰিবেশেহে সৃষ্টি কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটি প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ ভেটি সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে তথা জাতীয়তাবাদৰ ধ্বজা আগবঢ়োৱাৰ পৰিকল্পনাৰে এই সভা অনুষ্ঠিত কৰে অসম জাতীয় পৰিষদে ।