মাতৃ বিয়োগৰ ৪ দিন পাছতেই পুনৰ জাতিৰ স্বাৰ্থত প্ৰচাৰত নামিল লুৰীণজ্যোতি গগৈ!

৫২নং পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ প্ৰচাৰ চলালে লুৰীণজ্যোতি গগৈয়ে

WhatsApp Image 2021-04-03 at 2.22.35 PM

ফটো: নৰ্থইষ্ট নাও।

মাতৃ বিয়োগৰ ৪ দিন পাছতেই আজি পুনৰ প্ৰচাৰত নামিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।

সংকট মৰিষণ কৰি অসমৰ জাতীয় জীৱনক এক নতুন সন্ধান দিবলৈ আহি আজি চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত উপস্থিত হয় লুৰীণজ্যোতি।

চান্দমাৰীৰ পৰা ৫২নং পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ প্ৰচাৰ চলালে লুৰণজ্যোতি গগৈয়ে। চান্দমাৰীস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰৰ পৰা অদীপ ফুকনে বাহিৰ কৰে এক বাইক ৰেলী।

সংবাদমাধ্যমৰ আগত লুৰীণে কয়, “আমি আঞ্চলিকতাবাদক বাদ দি কেতিয়াও অসমক সুৰক্ষিত কৰিব নোৱাৰো। এইবাৰ সেইবাবে গাঁৱে গাঁৱে ভোটদানৰ হাৰ বহু বৃদ্ধি পোৱা দেখা গৈছে।

“পৰিবৰ্তনৰ নামত এই চৰকাৰখনে অপশাসন, গুণ্ডাগিৰী, মাফিয়া ৰাজ চলালে সেইবাবে এইবাৰ ৰাইজ জাতীয়তাবাদৰ পক্ষত আছে,”-লুৰীণে এইদৰে কয়।

নিৰ্বাচনী আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰাক লৈ তেওঁ কয়, “অকল হিমন্ত বিশ্ব শৰ্মাই নহয় যিসকল লোকে এনে ধৰণৰ কাম কৰি আছে ইয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কেৱল ৪৮ ঘণ্টাই নহয় আগন্তুক সময়ত এনেবোৰ মানুহৰ ওপৰত কঠোৰ দৃষ্টি দিয়াটো উচিত।”

“বিজেপি দলটো কেৱল আজমলকেন্দ্ৰিক হৈ কথা কৈ থাকোতেই গ’ল। আজমলক লৈ আৰম্ভ আৰু আজমলক লৈয়ে শেষ হয় বিজেপি চৰকাৰ,”-আজমল আৰু বিজেপিৰ সম্পৰ্ক থকা বুলি দাবী কৰি লুৰীণজ্যোতি গগৈয়ে কয়।