সোণাক্ষী সিনহাৰ শহুৰেকৰ ব্যৱসায় পছন্দ নকৰে ভাতৃ লৱ সিনহাই! সামাজিক মাধ্যমত প্ৰকাশ কৰিলে বিবাহ উপস্থিত নথকাৰ কাৰণ

অভিনেতা সোণাক্ষী সিনহাৰ ভাতৃ লৱ সিনহাই অৱশেষত বিগত মাহত হোৱা বিবাহ অনুষ্ঠানত তেওঁৰ অনুপস্থিতিৰ আঁৰৰ কাৰণ প্ৰকাশ কৰিছে। যোৱা ২৩ জুনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃ শত্ৰুঘ্ন সিনহা আৰু পুনম সিনহাই তাত উপস্থিত হৈ তেওঁক আশীৰ্বাদ দিয়ে।কিন্তু এই অনুষ্ঠানত উপস্থিত নাথাকিল সোণাক্ষীৰ ভাতৃ লৱ৷

লৱে এটা বাতৰিৰ টুকুৰা শ্বেয়াৰ কৰি দাবী কৰে যে তেওঁ দৰাৰ পিতৃৰ ব্যৱসায়ৰ বাবেই বিয়াখন এৰাই চলিছিল। লৱ সিনহাই লিখিছিল- “The reasons are very clear as to why I didn’t attend, and would not associate with some people no matter what. I’m glad a member of the media did their research instead of relying on creative stories being put out by a PR team.”

লৱে পোষ্টটোত শ্বেয়াৰ কৰা লেখাটোত জাহিৰৰ পিতৃৰ ব্যৱসায়ৰ পৰোক্ষ উল্লেখ কৰা হৈছিল।

উল্লেখ্য যে, অসামৰিক বিবাহৰ পাছত সোণাক্ষী আৰু জাহিৰে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত এক বিবাহ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। এই পাৰ্টিত বলীউডৰ বহু চেলিব্ৰিটিৰ লগতে ছলমান খান, ৰেখা, টাবু, আদিত্য ৰায় কাপুৰ, কাজল আৰু ৰবীনা টণ্ডনক উপস্থিত থকা দেখা গৈছিল।