NORTHEAST NOW (Assamese)

হাস্পতালত ভৰ্তি কৰি প্ৰকাণ্ড গৰিলাৰ ক’ৰ’না টেষ্ট : কি আহিল কোভিড১৯ৰ ৰিজাল্ট?

July 13, 2020 4:14 pm · এন ই নাও নিউজ
Updated: July 13, 2020 4:19 pm
ফ'টোৰ উৎস, জু-মিয়ামি ফেইচবুক পেজ

এটা প্ৰকাণ্ড গৰিলা। ওজন প্ৰায় ১৯৬ কিলোগ্ৰাম। নাম তাৰ চানগ’।

এই প্ৰকাণ্ড গৰিলাটোৰ শৰীৰত কোভিড১৯ৰ উপস্থিতি নিশ্চিত কৰিবলৈ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে এখন চিকিৎসালয়ৰ চিকিৎসকে।

খবৰ অনুসৰি মিয়ামি ছিৰিয়াখানাত এটা ৩১ বছৰীয়া চানগ’ নামৰ গৰিলাটো নিজৰ পৰিয়ালৰ সদস্যৰ সতে যোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হয়।

ছিৰিয়াখানাৰ কৰ্তৃপক্ষই ৰক্তাক্ত আঘাতপ্ৰাপ্ত গৰিলাটো প্ৰত্যক্ষ কৰি এখন চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত ১৯৬ কিলোগ্ৰামৰ প্ৰকাণ্ড আঘাতপ্ৰাপ্ত গৰিলাটোক চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দলে যথেষ্ট কষ্ট আৰু সাহসিকতাৰে চিকিৎসা সম্পন্ন কৰে।

মানৱ শৰীৰত চিকিৎসা কৰাৰ দৰে গৰিলাটোকো চিকিৎসা সেৱা আগবঢ়াই চিকিৎসকসকলে।

গৰিলাটোৰ শৰীৰত এক্স-ৰে, আলট্ৰাছাউণ্ড, টিবি টেষ্ট কৰাৰ উপৰিও ক’ৰ’না টেষ্টো কৰা হয়।

আঘাতপ্ৰাপ্ত গৰিলাটোৰ দীৰ্ঘ চিকিৎসা আৰু শৰীৰৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত চিকিৎসকসকল নিশ্চিত হয় যে গৰিলাটোৰ শৰীৰৰ কোনো সাৰ ভঙা নাই।

চিকিৎসাৰ ফলত গৰিলাটোৰ শৰীৰৰ বাকী আঘাতসমূহো লাহে লাহে ভাল হৈ আহে।

আনহাতে গৰিলাটোৰ ক’ৰ’নাৰ ৰিজাল্টো নিগেটিভ আহে।

ইয়াৰ পিছতে চানগ’ নামৰ গৰিলাটোক ছিৰিয়াখানাৰ বাকী গৰিলাসমূহৰ পৰা দূৰত ৰখা হৈছে।

উল্লেখ্য যে, গৰিলাটোৰ চিকিৎসাৰ এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে।

Related News