তেলেংগানাৰ জল সংৰক্ষণবিদ এম কৰুণাকৰ ৰেড্ডীলৈ যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটা আগঢ়োৱা হৈছে। জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ উদ্যোগত প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা।
উল্লেখ্য যে যোৰহাটৰ জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসে ২০২৪ চনৰ নৱেম্বৰ মাহত এই ঘোষণা কৰিছিল। ৰেড্ডীয়ে আজি এই বঁটা গ্ৰহণ কৰি নোবেল বঁটা লাভ কৰাৰ দৰে অনুভৱ হৈছে বুলি মত প্ৰকাশ কৰে।
তেওঁ জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা বিশ্ব জল সংকটৰ ওপৰত আলোকপাত কৰি কয় যে এই সমস্যাৰ সমাধান ব্যক্তিৰ ভিতৰতে নিহিত হৈ আছে। তেওঁ গছপুলি ৰোপণ, পানী সংৰক্ষণ আৰু পুনৰ ব্যৱহাৰ কৰি এই সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ উৎসাহিত কৰে। লগতে তেওঁ ভাৰতৰ সম্পদৰ বৈষম্যৰ ওপৰতো আলোকপাত কৰই কয় যে বিশ্বৰ ২০% জনসংখ্যাই বিশ্বৰ সম্পদৰ মাত্ৰ ৪%হে ব্যৱহাৰ কৰে।
জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসে, জল সংৰক্ষণ, ভূমি পুনৰুদ্ধাৰ, বনানীকৰণ, দুৰ্যোগ সাহায্য, খাদ্য সুৰক্ষা, জলবায়ু পৰিৱৰ্তন সজাগতাৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাৰ বাবে স্বীকৃতি স্বৰূপে এম কৰুণাকৰ ৰেড্ডীলৈ এই সন্মান আগবঢ়াইছে বুলি উল্লেখ কৰে।