NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমীয়া যুৱ- মহিলা মঞ্চৰ মুণ্ডনেৰে প্রতিবাদ

May 21, 2018 2:02 pm · অনিৰ্বাণ পাঠক

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যত বিক্ষোভ- প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি মহানগৰীৰ দীঘলীপুখুৰীপাৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সদস্যসকলে সমূহীয়াভাৱে মুণ্ডন কৰি ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

এই মুণ্ডন কাৰ্যসূচীৰ সময়ছোৱাতে সংগঠন দুটাৰ সদস্যসকলে আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বাংলাদেশী খেদ, এই জুই জ্বলিছে জ্বলিবই আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে  এই কাৰ্যসূচীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি পদ্মকান্ত দাসে বিতৰ্কিত বিধয়কখনৰ তীব্ৰ বিৰোধিতা কৰি অতি সোণকালে ইয়াক বাতিল কৰিবলৈ কেন্দ্ৰ- ৰাজ্য উভয় চৰকাৰকে আহ্বান জনায়। অন্যথা জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে দাসে। তেওঁ লগতে জাতিৰ এই কঠিন সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰকৃত জাতীয় নায়কৰ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সদস্যসকলে মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

Related News