NORTHEAST NOW (Assamese)

COVID-19ৰ পৰা মুক্ত নিজামুদ্দিনৰ জামাতত অংশ লোৱা ডিব্ৰুগড়ৰ লোককেইজন

April 1, 2020 7:47 pm · অভিক চক্ৰৱৰ্তী
Updated: April 1, 2020 9:06 pm
নিজামুদ্দিন মাৰ্কাজৰ ছবি, সৌজন্য- ইন্টাৰনেট

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰা সংক্ৰান্ত মঙলবাৰে ডিব্ৰুগড়ৰ ২৭জন ব্যক্তিৰ পৰা সংগ্ৰহ কৰা নমুনাত COVID-19 ধৰা পৰা নায়। ডিব্ৰুগড়ৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ ন’ডেল বিষয়া নবজ্যোতি গগৈয়ে জনায়।

তেওঁ কয়, ‘কালি আমি ডিব্ৰুগড়ৰ পৰা ২৭টা নমুনা সংগ্ৰহ কৰিছিলো আৰু ইয়াৰে আধা সংখ্যকেই নিজামুদ্দিনৰ ধৰ্মীয় সমাৰোহত অংশগ্ৰহণ কৰিছিল। আজি টেষ্টৰ ৰিজাল্ট আহিল আৰু আটাইকেইটাই নিগেটিভ। আজি আমি ১৫টা নমুনা সংগ্ৰহ কৰো আৰু কাইলৈ আমি ইয়াৰ ৰিজাল্ট পাম।‘

জিলাখনত এই পৰ্যন্ত সতৰ্কতা অৱলম্বন কৰি ৩৬০০ গৰাকী ব্যক্তিক কুৱাৰেণ্টাইনত ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। উক্ত লোকসকল বিমাণ আৰু ৰে’লৰে বহিঃ ৰাজ্যৰ পৰা আহিছিল আৰু তেওঁলোকক প্ৰতি দিনে নিৰিক্ষণ কৰি থকা হৈছে, তেওঁ জনায়।

আনহাতে ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা ন্যায়াধীশে এক আদেশ যোগে আন জিলাৰ পৰা ডিব্ৰুগড়লৈ তথা ডিব্ৰুগড়ৰ পৰা আন জিলালৈ সকলো ধৰণৰ শাক-পাচলিৰ যোগান বন্ধ কৰিছে। পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব।

উল্লেখযোগ্য যে এই পৰ্যন্ত অসমত ৫জন ব্যক্তিৰ শৰীৰত COVID 19 ধৰা পৰিছে। আজি গুৱাহাটীৰ GMCH-ত COVID-19  ধৰা পৰা চাৰি গৰাকী ব্যক্তিয়ে নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশ লৈছিল।

ইয়াৰ পূৰ্বে মঙলবাৰে কৰিমগঞ্জৰ ৫২ বছৰীয়া এজন ব্যক্তিৰ দেহত COVID-19 ধৰা পৰিছিল। তেওঁ কিছুদিন পূৰ্বে দিল্লীলৈ গৈছিল যদিও নিজামুদ্দিনৰ জামাতত অংশ লোৱা নাছিল বুলি জানিব পৰা যায়।

Related News