NORTHEAST NOW (Assamese)

পেডেল মাৰি মাৰি ১০০০ কিলোমিটাৰ পথ অতিক্ৰম এই গৰাকী বৃদ্ধৰ, কিন্তু কিয়?

December 18, 2020 4:14 pm · এন ই নাও নিউজ
Updated: December 18, 2020 5:13 pm

এদিন নহয়, দুদিন নহয় একেৰাহে দহ দিন ধৰি চাইকেল চলালে এই গৰাকী বৃদ্ধই।বিহাৰৰ ৬০ বছৰীয়া সত্যদেৱ মাঝি নামৰ এই লোক জনে একেৰাহে দহ দিন চাইকেল চলাই উপস্থিত হৈছে দিল্লী-হাৰিয়ানাৰ সীমান্তত ।

সত্যদেৱ মাঝিয়ে এনেদৰে চাইকেল চলাই ১০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ এটা উদ্দেশ্য আছে।

দেশৰ ৰাজধানী দিল্লীত বিগত ২৩ দিন ধৰি চলি আছে কৃষক বিদ্ৰোহ।

এই বিদ্ৰোহত ভাগ লোৱাৰ বাবেই সত্যদেৱ মাঝিয়ে চাইকেল চলাই আহি দিল্লীৰ সীমান্তত উপস্থিত হৈছে।

প্ৰচণ্ড শীতকো নেওঁচি মাঝিয়ে এনেদৰে ১০০০ কিলোমিটাৰ পথ চাইকেল চলাই অহাৰ কথাই সকলোকে আচৰিত কৰি তুলিছে।

উল্লেখ্য দেশৰ কেবাখনো ৰাজ্যৰ কৃষকে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত যোৱা ২৩ দিন ধৰি দিল্লী আৰু ইয়াৰ সীমান্তৰ সংগোযী এলেকাবোৰত নিৰন্তৰ প্ৰতিবাদ সাৱ্স্ত্য কৰি আহিছে।

উল্লেখ্য যে ইতিমধ্যে কৃষক সংগঠনসমূহ আৰু চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা পাঁচলানিকৈ আলোচনা ব্যৰ্থ হৈছে আৰু কৃষক সংগঠনসমূহে ৮ ডিচেম্বৰত দেশজুৰি ভাৰত বন্ধও পালন কৰিছে।

এনে সময়তে প্ৰধানমন্ত্ৰীয়ে অলপতে কৈছে যে দেশৰ উন্নয়নৰ বাবে আইনসমূহ সংশোধন কৰাৰ প্ৰয়োজন আছে। নতুন নিৰ্দেশনাৰে নতুন নতুন সুবিধা অন্তভুৰ্ক্ত কৰি আইনসমূহ সংশোধন কৰাৰ অতি প্ৰয়োজন। পুৰণি শতিকাৰ আইনেৰে আমি নতুন শতিকাক গঢ়িব নোৱাৰিম।

কিছু আইন যোৱা শতিকাৰ বাবে উপযুক্ত আছিল যদিও চলিত শতিকাৰ বাবে সেইবোৰ বোজা হৈ উঠিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কৈছিল।

Related News