NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ ৮ বিধায়কে শীঘ্ৰেই যোগদান কৰিব বিজেপিত- বিধায়ক প্ৰশান্ত ফুকন

August 8, 2022 4:45 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

কংগ্ৰেছৰ ৮ বিধায়কে শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি বিধায়ক প্ৰশান্ত ফুকনে এক মন্তব্য প্ৰকাশ কৰে।

তেওঁ কয় “কোনে কোনে যোগদান কৰিব সেইয়া গোপনীয় কৰি ৰখা হৈছে।
অচিৰেই আতাইকেইজনক লৈ অনুষ্ঠিত হব এক বৃহৎ যোগদান কাৰ্য্যসূচী।”

লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি তেওঁ কয় ” পদযাত্ৰা কৰি লাভ নাই APCCৰ সভাপতিয়ে। কংগ্ৰেছ দলত খহনীয়া অৱশ্যম্ভাৱী।”

Related News