NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভা নিৰ্বাচন : অজিত কুমাৰ ভুঞাৰ প্ৰাৰ্থীত্ব সম্পৰ্কত উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 11, 2020 6:28 pm

ৰাজ্যসভাৰ এখন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভুঞা অৱতীৰ্ণ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

প্ৰতিদ্বন্দিতা কৰা অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰে আছে বুলি উল্লেখ কৰে যদিও হাজৰিকাৰ মতে অজিত ভুঞাই নিজকে অসমৰ জাতীয় শক্তি সমূহৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটোহে অত্যন্ত ‘দুৰ্ভাগ্যজনক’।

হাজৰিকাৰ প্ৰশ্ন “তেওঁ কংগ্ৰেছ আৰু AIUDFৰ সমৰ্থন লৈহে প্ৰাৰ্থীত্ব আগবঢ়াইছে, কিন্তু প্ৰশ্ন হ’ল, কংগ্ৰেছ আৰু AIUDF কেতিয়াৰ পৰা অসমৰ জাতীয় শক্তি হ’ল?”

“আজি অসমৰ ১১৫টা জাতি-জনগোষ্ঠীৰ সমূহেই বাংলাদেশীৰ হাতত সংখ্যালঘু হ’বলৈ গৈ আছে, আৰু এইয়া হৈছে কেৱল জাতীয়তাবাদৰ নামত কৰা সুবিধাবাদ আৰু স্বাৰ্থপৰ ৰাজনীতিৰ বাবে।” হাজৰিকাই লগতে কয়।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁ আৰু কয়,”আজিৰ দিনত বাংলাদেশী মুছলমানে সক্ৰিয়ভাৱে জাতীয় শক্তিসমূহৰ লগত তীব্ৰভাৱে আন্দোলন কৰি আছে। সেইবুলি এইটো নহয় যে এই বাংলাদেশী মুছলমান সকলক জাতীয় শক্তিসমূহে আঁকোৱালি ল’ব, এইটো কোনো কাৰণতে মানি ল’ব নোৱাৰি।”

হাজৰিকাৰ মতে “আজিৰ দিনত বাংলাদেশী মুছলমানৰ বাবেই মধ্য আৰু নামনি অসমত খিলঞ্জীয়াসকল সংখ্যালঘু হৈ নিজৰ ঠাইতে ভগনীয়া হৈছে, আৰু এই বাংলাদেশী মূলৰ মুছলমান সকলেই কিন্তু ২০৪০ চনত সংখ্যাগৰিষ্ঠ হ’বলৈ গৈ আছে, সেই ভয়াৱহ পৰিস্থিতিটো কোনেও অনুধাৱন কৰা নাই।”

“যোৱা ৪০ বছৰে অসমত খিলঞ্জীয়াই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে বিকল্পৰ সন্ধানতেই আছে, কিন্তু কংগ্ৰেছেই হওঁক কিম্বা অগপই হওক আৰু শেষত বিজেপিয়েই হওক; কোনো এটা দলেই বাংলাদেশীৰ প্ৰতি আকৰ্ষণ এৰিব নোৱাৰিলে। এয়াই হ’ল অসমৰ দুৰ্ভাগ্য।” হাজৰিকাই কয়।

হাজৰিকাই আৰু কয়, “কেৱল CAAৰ সুযোগ লৈ কংগ্ৰেছ আৰু AIUDFৰ কাষ চাপিব খুজিলে, না বিকল্প ৰাজনীতি সফল হ’ব, না খিলঞ্জীয়াৰ ভৱিষ্যত ৰক্ষা হ’ব যদি এই ভুলৰ পুনৰাবৃত্তি কৰে, সেয়া হ’ব কেৱল সুবিধাবাদৰ ৰাজনীতি।”