NORTHEAST NOW (Assamese)
অসম

ভৰিত গুলিবিদ্ধ আৱস্থাৰে আৰক্ষীৰ চকুত ধুলি দি চিকিৎসালয়ৰ পৰা পলায়ন নগাঁৱৰ ড্ৰাগছ মাফিয়া আৰজুলৰ

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া May 15, 2020 10:11 pm

নগাঁৱৰ বৰবজাৰত আজি দিনৰ ভাগত আৰক্ষীৰ সৈতে হোৱা গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ হোৱা ড্ৰাগছ মাফিয়া আৰজুল আলী চিকিৎসাধীন অৱস্থাতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা ৰহস্যজনকভাৱে পলায়ন কৰে।

ভৰিত গুলিবিদ্ধ হোৱা ড্ৰাগছ মাফিয়া আৰজুলে কেনেকৈ আৰক্ষীৰ চকুত ধুলি দি চিকিৎসালয়ৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল এই সমগ্ৰ বিষয়ক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

অৱশ্যে, পৰৱৰ্তী সময়ত নগাঁও চহৰৰ বাহিৰত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় পলায়নকাৰী ড্ৰাগছ মাফিয়া জনক।

নগাঁও সদৰ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি ধৃত আৰজুলক চিকিৎসালয়ৰ পৰা পলায়ন কৰোঁতে অন্য লোকে সহায় কৰিছিল।

কিন্তু, কোনে পলায়ন কৰাত আৰজুলক সহায় কৰিছিল সেয়া তদন্তৰ অন্ততহে পোহৰলৈ আহিব।

বিষয় যিয়ে নহওঁক আৰক্ষীৰ চকুত ধুলি দি এজন সাধাৰণ ড্ৰাগছ মাফিয়াই পলায়ন কৰা ঘটনাই আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।

উল্লেখযোগ্য যে, আজি দুপৰীয়া ভাগত আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত ভৰিত গুলি লাগিছিল আৰজুলৰ। নগাঁৱৰ বৰবজাৰত সংঘটিত হৈছিল এক গুলিছালনাৰ ঘটনা।

আৰজুলৰ বিৰুদ্ধে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছিল।

আনকি কৰ্তব্যৰত আৰক্ষী জোৱানৰ পিষ্টল কাঢ়ি নিবলৈ চেষ্টা কৰাৰ লগতে হাতত কামোৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, ল’কডাউনৰ মাজতে বৰবজাৰত জনসাধাৰণৰ ভিৰ দেখি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছিল নগাঁও সদৰ আৰক্ষীৰ এটা দল।

তাৰ পাছতে একাংশ জনতা আৰু আৰক্ষীৰ মাজত হতা-হতিৰ সৃষ্টি হয়।