NORTHEAST NOW (Assamese)
অসম

আজি পুনৰ ৪ জন ক’ৰ’নাত আক্ৰান্ত; ৬৮৬ লৈ বৃদ্ধি ৰোগীৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 27, 2020 10:52 am

আজি অসমত পুনৰ ৪ জন লোক ক’ৰ’না ভাইৰাছত সংক্ৰমিত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাত সংক্ৰমিত লোকৰ সংখ্যা ৬৮৬ গৰাকীলৈ বৃদ্ধি পালে।

এই মুহূৰ্তত আক্ৰান্ত হোৱা লোক কেইজনৰ ৩ জন নগাঁও আৰু এজন ধেমাজি জিলাৰ বুলি টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে মঙলবাৰৰ দিনটোত ১৩৪ গৰাকী লোক আক্ৰান্ত হৈছিল।

বৰ্তমান ৬১৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

আনহাতে এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

উল্লেখযোগ্য যে, যোৱা ২৫ মে ত ৰাজ্যত ১৫৬  গৰাকী লোক ক’ভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত চাৰি শতাধিক  লোক  ক’ভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰ উপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৬১৩ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ক’ভিড-১৯ত

ক’ৰ’নাত আক্ৰান্ত হৈছে।