NORTHEAST NOW (Assamese)
Popular Stories

৪৫ বছৰ পিছত সীমান্তত নিহত দুই দেশৰ সেনা : সংঘৰ্ষৰ পিছত লাডাখৰ পৰিস্থিতি কেনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 6:07 pm
China violates 1993, 1996, 2013 border agreements

সোমবাৰে নিশা হোৱা ভাৰত-চীন সৈন্যৰ মুখামুখি সংঘৰ্ষৰ ফলত ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেলসহ দুজন জোৱান নিহত হোৱাৰ পিছত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে লাডাখ সীমান্তত?

উক্ত সংঘৰ্ষৰ পিছতে স্বাভাৱিকতে উত্তেজনাই বিৰাজ কৰিছে লাডাখ সীমান্তত।

উল্লেখ্য যে, চাৰিটা দশকৰ পিছত ভাৰত-চীন দুই পক্ষ সেনাৰ মাজত হোৱা সংঘৰ্ষত প্ৰথমবাৰৰ বাবে নিহত হৈছে দুই দুয়োখন দেশৰ সেনাবাহিনীৰ লোক।

লগতে পঢ়ক : উত্তপ্ত ভাৰত-চীন সীমান্ত : লাডাখত মুখামুখি সংঘৰ্ষত মৃত্যু কৰ্ণেলসহ দুই ভাৰতীয় জোৱান

এই সংঘৰ্ষৰ ফলত কেৱল ভাৰতীয় সেনাই নহয় পাঁচ গৰাকী চীনা সৈন্যও নিহত হৈছে বুলি চীনা সংবাদ মাধ্যমে দাবী কৰিছে।

ভাৰত-চীন সীমান্তৰ লাডাখৰ গালৱান উপত্যকাত সংঘটিত সংঘৰ্ষৰ পিছত দুই দেশৰ সেনাবাহিনীৰ জেনেৰেল পৰ্যায় বৈঠক পুনৰ আৰম্ভ হৈছে।

প্ৰণিধানযোগ্য যে সীমান্তৰ উত্তেজনা আৰু বিবাদ প্ৰশমনৰ বাবে যোৱা ৫ জুনৰ পৰা দুই দেশৰ সেনাৰ মাজত জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ আহিছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তত এতিয়াও শাম কটা নাই উত্তেজনা : অব্যাহত আছে সেনাৰ বৈঠক

“দুই পক্ষৰ সেনাৰ জ্যেষ্ঠ বিষয়াসকলে উত্তেজনা নিৰসনৰ বাবে বৈঠকত মিলিত হৈছে।” ভাৰতীয় সেনাবাহিনীৰ এক সূত্ৰই এইদৰে কয়।

কাৰুস্থিত ভাৰতীয় স্থলসেনাৰ হেডকোৱাটাৰ ৩ৰ মেজৰ জেনেৰেল অভিজিৎ বাপটে চীনা সৈন্যৰ বিষয়াৰ সৈতে সংঘাত নিৰসনৰ বাবে আলোচনা অব্যাহত ৰাখিছে বুলি জনাইছে ভাৰতীয় সেনা সূত্ৰই।

লগতে পঢ়ক : প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষ্যই নিশ্চিত কৰিছে ; এতিয়াও লাডাখৰ পৰা পিছুৱাই যোৱা নাই চীনা সেনা!

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাম্প্ৰতিক পৰিস্থিতি পুনৰীক্ষণৰ বাবে ইষ্টাৰ্ণ লাডাখত চীফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু ভাৰতীয় সেনা বাহিনীৰ স্থল সেনা, বায়ু সেনা আৰু নৌ সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হৈছে।

এই বৈঠকত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও অংশগ্ৰহণ কৰিছে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইফালে সোমবাৰে নিশা দুই দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ বাবে স্থলসেনা প্ৰধান মনোজ মুকুন্দ নাৰবণে আজি পাঠানকোট ভ্ৰমণ বাতিল কৰি উক্ত বৈঠকত উপস্থিত আছে।

লগতে পঢ়ক : পাঁচগৰাকী চীনা সৈন্যৰ মৃত্যু; ভাৰতীয় সৈন্যৰ মৃত্যুৰ পাছতে সীমা অতিক্ৰম কৰি ভাৰতীয় সৈন্য বাহিনীয়ে খেদি যোৱাৰ অভিযোগ চীনৰ