• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষ্যই নিশ্চিত কৰিছে ; এতিয়াও লাডাখৰ পৰা পিছুৱাই যোৱা নাই চীনা সেনা!

লাডাখত চীনা সেনা মোতায়েন কমোৱাৰ লগতে পিছুৱাই নিয়ক, ভাৰতৰ দাবী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 9, 2020 6:07 pm

2 min read

China-preparing-for-infiltration-behind-enemy-lines-amidst-standoff-in

প্ৰতিনিধিত্বমূলক ফ'টো

6.5k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান লাডাখৰ বাস্তৱ পৰিস্থিতি কি? এই সম্পৰ্কে বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈ থকাৰ সময়তে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি মুখ খুলিছে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয়ল যে লাডাখৰ বিষয়ে যি ক’ব লগা আছে, সেয়া সংসদতহে ক’ব।

‘মই এই বিষয়ে মানুহক বিভ্ৰান্ত কৰিব নিবিচাৰো।’ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য।

নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালত পাকিস্তানৰ উৰি আক্ৰমণৰ বিৰুদ্ধে ভাৰতে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকক অন্যতম সাফল্য হিচাপে দাঙি ধৰা হয়।

কিন্তু মোদীৰ চৰকাৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষপুতিৰ সময়ত লাডাখৰ চীন সীমান্তৰ নিয়্ন্ত্ৰণ ৰেখাত চীন আৰু ভাৰতীয় সেনাৰ দ্বন্দ্বই মোদী চৰকাৰক যথেষ্ট অস্বস্তিত পেলোৱা দেখা গৈছে।

ৰাহুল গান্ধীৰ লগতে অন্যান্য বিৰোধীৰ দলৰ মতে চৰকাৰে দাবী কৰাৰ দৰে লাডাখৰ বাস্তৱ পৰিস্থিতি শান্ত নহয়। আনকি চৰকাৰৰ ভাষ্য আৰু লাডাখৰ বাস্তৱ পৰিস্থিতিৰ মাজত মিল নাই।

যোৱা শনিবাৰে দুই দেশৰ সেনা বিষয়াৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল যদিও লাডাখকলৈ উৎপত্তি হোৱা দুই দেশৰ মাজৰ বিবাদ নিষ্পত্তি হোৱা নাই বুলি জানিব পৰা গৈছে।

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডিফেন্স ষ্টাফ আৰু সামৰিক বাহিনীৰ প্ৰধানৰ সৈতে লাডাখৰ পৰিস্থিতিৰ সন্দৰ্ভত এক বৈঠকত মিলিত হয়।

বৈঠকত যোৱা শনিবাৰে লাডাখত ভাৰতীয় আৰু চীনা সেনা বিষয়াৰ মাজত অনুষ্ঠিত সভাৰ বিষয়ে পৰ্যালোচনা কাৰ হয় বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

সেনাবাহিনীৰ সূত্ৰৰ মতে ভাৰতে দাবী জনাইছে যে এপ্ৰিলৰ শেষত নিয়্ন্ত্ৰণ ৰেখাৰ যি পৰিস্থিতি আছিল সেই পৰিস্থিতি দুই দেশে বজাই ৰাখক। অৰ্থাৎ চীনা সেনা মোতায়েন কমোৱাৰ লগতে পিছুৱাই নিয়ক।

ইয়াৰ পৰা নিশ্চিত হৈছে চীনা সেনাই নিয়্ন্ত্ৰণ ৰেখা পাৰ হৈ ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰিছে।

এক ভাৰ্চুৱেল জনসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় ‘ৰাহুল গান্ধী আৰু বিৰোধী কোনো কোনোৱে ভাৰত-চীন সীমান্তত কি হৈ আছে সেয়া জানিব বিচাৰিছে। এই বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে মই যি ক’ম সেয়া সংসদত ক’ম।’

‘৬ জুনৰ বৈঠক খুব ইতিবাচক হৈছে। ভাৰত আৰু চীনে বৰ্তমান সংঘাত নিৰ্মূল কৰিবলৈ সন্মত হৈছে। মই আশ্বস্ত কৰিছো যে দেশ শক্তিশালী হৈয়ে আছে।’ প্ৰতিৰক্ষা মন্ত্ৰীয়ে আৰু কয়।

Recent News

index.jpg

লোমহৰ্ষক অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় বাছযাত্ৰীৰ; অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

INDIA-ELECTION

কঠোৰ নিৰ্বাচন আয়োগ: নিৰ্দিষ্ট দিনত বিজ্ঞাপন দি অপৰাধ ৰাজহুৱা কৰিব লাগিব প্ৰাৰ্থীয়ে

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd