NORTHEAST NOW (Assamese)
Popular Stories

সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ প্ৰস্তাৱ : ১৫ জুলাইৰ ভিতৰত CBSE ১০ম আৰু ১২শ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 3:56 pm
index

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ অৱশিষ্ট পৰীক্ষাসমূহ বাতিলৰ প্ৰস্তাৱ দিছে।

ইফালে দশম আৰু দ্বাদশ শ্ৰেণীৰ সম্পন্ন হৈ যোৱা পৰীক্ষাসমূহৰ বহী মূল্যায়ন কৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিবিএচইৰ প্ৰস্তাৱকো মানি লৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ এ এম খানউলকৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে আজি এই নিৰ্ণয় লোৱাৰ লগতে অহা ১৫ জুলাইৰ ভিতৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ চিবিএচইক নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ে চিবিএচইক ইতিমধ্যে সম্পন্ন যোৱা বিষয়সমূহৰ পৰীক্ষাৰ বহী মূল্যায়ন কৰি তাৰ ভিত্তিতে বাকী থকা বিষয়কেইটাৰ নম্বৰ দিবলৈ পৰাৰ্মশ দিছে।

আইচিএচই-এ চিবিএচইক ইতিমধ্যে এই পৰামৰ্শকে প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে।

“পৰীক্ষাৰ্থীসকলে কেৱল মাত্ৰ তিনিটা বিষয়ৰ পৰীক্ষাহে দিব পাৰিলে, তাৰ ভিতৰত বেছি নম্বৰ পোৱা দুটা বিষয়ৰ গড় নম্বৰ উলিয়াই বাকী থকা বিষয়বোৰত সেই অনুযায়ী নম্বৰ দিয়া হ’ব।” চিবিএচইৰ পৰীক্ষা নিয়ন্ত্ৰক সন্যম ভৰদ্বাজে কয়।

উল্লেখ্য যে, ক’ৰ’নাতংকৰ বাবে চিবিএচইৰ যোৱা মাৰ্চ-এপ্ৰিল মাহৰ পৰীক্ষাসূচীৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ কেবাটাও বিষয়ৰ পৰীক্ষা স্থগিত ৰখা হৈছিল।

ইয়াৰ পিছতে শিক্ষা সংসদে ১-১৫ জুলাইৰ ভিতৰত বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল যদিও ক’ৰ’নাতংকৰ পৰিস্থিতি সুস্থিৰ নোহোৱাৰ বাবে ইতিমধ্যে অৱশিষ্ট পৰীক্ষাসমূহ বাতিল কৰা হৈছে।

যোৱা বৃহস্পতিবাৰে চলিচিটৰ জেনেৰল তুষাৰ মেটাই উচ্চতম ন্যায়ালয়ক জনাই যে ক’ৰ’তাংকৰ এই পৰিস্থিতিত অৱশিষ্ট পৰীক্ষাসমূহ অনুষ্ঠিত কৰা সম্ভৱ নহয়।