NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১১৩ গৰাকীলৈ বৃদ্ধি; ১০ গৰাকী বি এছ এফ জোৱান আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 10:01 pm

মেঘালয়ত পুনৰ এগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াকে লৈ ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১১৩ গৰাকীলৈ বৃদ্ধি পায়।

ক’ৰ’না আক্ৰান্ত লোক গৰাকীৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী কনৰাড চাংমাই ব্যক্তি গৰাকী দিল্লীৰ পৰা শ্বিলঙলৈ উভতি আহিছিল বুলি কয়।

”দিল্লীৰ পৰা শ্বিলঙলৈ উভতি অহা আৰু এগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে,” মুখ্য মন্ত্ৰী চাংমায় লগতে কয়।

আনহাতে, মুখ্য মন্ত্ৰী চাংমাই ৰাজ্যখনত বৰ্তমানলৈ মুঠ ৪৫ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা চিকিৎসাৰ অন্তত মুক্তি লাভ কৰিছে বুলি উল্লেখ কৰি এতিয়াও বিভিন্ন চিকিৎসালয়ত ৬৭ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে বুলি কয়।

বৃহস্পতিবাৰৰ দিনটোত মেঘালয়ত মুঠ ১৪ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হয় ইয়াৰ ভিতৰত ১০ গৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান।

মেঘালয়ত ক’ৰ’না আক্ৰান্ত বি এছ এফৰ জোৱান কেইজনৰ ভিতৰত ৯ গৰাকী পূৱ খাচি পাহাৰীয়া জিলাৰ।

মেঘালয় চৰকাৰে ক’ৰ’না ভাইৰাছ সম্বন্ধীয় নীতি-নিৰ্দেশনা উলংঘা কৰিলে প্ৰথমবাৰত ৫০০ টকা জৰিমণা আৰু ক্ৰমান্বয়ে এই জৰিমণা ১০০০ টকাকৈ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।