NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯৭ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 10:32 pm
COVID19-1140x570

অসমত আজি পুনৰ আঠগৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

ইয়াৰ ফলত অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯৭ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

আজি মৃত্যু হোৱা লোক কেইগৰাকী ক্ৰমে তিনিচুকীয়া, দৰং, ডিব্ৰুগড়, কাছাৰ, গোলাঘাট, ওদালগুৰি আৰু কামৰূপ গ্ৰাম্য জিলাৰ।

কাছাৰত দুগৰাকী লোকৰ মৃত্যু হয়। কাছাৰত মৃত্যু হোৱা লোক দুগৰাকী হৈছে ক্ৰমে জিবন ৰয় (৪৫) আৰু মজিবুৰ ইছলাম হাজাৰি (৫৭)।

মৃত্যু হোৱা অন্য লোক কেইগৰাকী হৈছে ক্ৰমে- প্ৰিয়ব্ৰত আচাৰ্য্য (৬৪), উপনে ডেকা (৬০), বনৱাৰী লালা টোডী (৬৯), মতিয়ুৰ ৰহমান (৬৫), জুনা চেত্ৰী (২৪) আৰু সুৰেণ মহন্ত (৭৮)।

অসমত বৰ্তমানলৈ ৭৬,৮৭৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

আনহাতে, ৰাজ্যত এতিয়ালৈ ৫৫,২১৫ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ নিজ গৃহলৈ উভতি গৈছে।

অসমত বৰ্তমান সময়ত বিভিন্ন চিকিৎসালয়ত ২১,৪৬০ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।