NORTHEAST NOW (Assamese)
অসম

কোভিডত আক্ৰান্ত কোকৰাঝাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা আঁচনি প্ৰৱন্ধক

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী August 22, 2020 8:49 pm
kokjajhar

কোকৰাঝাৰ জিলাত এতিয়া ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

আজিৰ দিনটোতে জিলাখনত ৩১ জন লোক ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

কোকৰাঝাৰৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনে প্ৰকাশ কৰা অনুসৰি  ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ  জিলা আঁচনি প্ৰৱন্ধক তথা কোভিড যোদ্ধাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক উত্তম কুমাৰ ব্ৰহ্ম শেহতীয়াকৈ কোভিডত আক্ৰান্ত হৈছে।

সম্প্ৰতি তেওঁ কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

উপায়ুক্ত ফুকনে প্ৰকাশ কৰা অনুসৰি শনিবাৰৰ দিনটোত কোকৰাঝাৰ জিলাত মুঠ ৮৫৩ গৰাকী লোকৰ এণ্টিজেন পৰীক্ষা কৰোৱা হয়।

ইয়াৰে ৩১ জনৰ ফলাফল পজিটিভ আহে।

জিলাখনত আজি কৰা আৰ টি পিচিআৰ পৰীক্ষাৰ সংখ্যা হৈছে ১০৩।

আজি কোভিডত আক্ৰান্ত লোক সকলক জিলাখনৰ বিভিন্ন কোভিড চেণ্টাৰত চিকিৎসাধীন কৰোৱা হৈছে।